ETV Bharat / state

নিৰ্মীয়মান গুৱাহাটী এইমছত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে শুকুৰবাৰে বিয়লি চাংসাৰিত নিৰ্মীয়মান গুৱাহাটী এইমছ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয় (Dr. Bharati Praveen Pawar oversee the progress work of AIIMS in Changsari) ৷

author img

By

Published : Feb 25, 2022, 10:45 PM IST

AIIMS Guwahati
নিৰ্মীয়মান গুৱাহাটী এইমছত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ

গুৱাহাটী, 25 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে শুকুৰবাৰে বিয়লি চাংসাৰিত নিৰ্মীয়মান গুৱাহাটী এইমছ(AIIMS Guwahati) পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয়(Dr. Bharati Praveen Pawar oversee the progress work of AIIMS in Changsari) ৷ কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী ডাঃ পাৱাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তৰ সৈতে গুৱাহাটী এইমছৰ সঞ্চালক অধ্যাপক ৰামজী সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, এন এইচ এমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা, এইমছ গুৱাহাটীৰ তিনিটা বিভাগৰ মূৰব্বী অধ্যাপক, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ), নিৰ্মাণকাৰী কোম্পানী 'হাইটছ'ৰ প্ৰকল্প তত্বাৱধায়কৰ লগত এখন বৈঠকত মিলিত হৈ এইমছৰ নিৰ্মাণ কাৰ্যৰে জৰিত বিভিন্ন দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে ।

উল্লেখ্য যে, ইতিমধ্যে এইমছৰ চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈ উঠিছে । তিনিদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচীৰে শুকুৰবাৰে দুপৰীয়া কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী ডাঃ পাৱাৰ গুৱাহাটীত উপস্থিত হয় (Union MoS for Health and Family Welfare) । দুপৰীয়া কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত বিয়লি গুৱাহাটীৰ এইমছ চৌহদ পৰিদৰ্শন কৰে । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে প্ৰথমে এইমচৰ চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ ভৱনৰ শ্ৰেণীকোঠা, প্ৰশাসনিক ভৱন আদি পৰিদৰ্শন কৰে । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চলি থকা এইমছৰ প্ৰথমটো বেটছৰ পাঠদানৰ লগতে মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয়টো বেটচৰ শ্ৰেণী নৱনিৰ্মীত এইমছৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰিব পৰাকৈ চিকিৎসা মহাবিদ্যালয়খন আৰু ছাত্ৰাবাস-ছাত্ৰীনিবাস ১৫ এপ্ৰিলৰ ভিতৰতে সম্পূৰ্ণ সাজু কৰিবলৈ নিৰ্মাণকাৰী সংস্থা হাইটছৰ লগতে এইমছ গুৱাহাটীৰ সঞ্চালকক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

তদুপৰি দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ সৈতে ছাত্ৰ-ছাত্ৰীয়ে ক্লিনিকেল পৰীক্ষাৰ প্ৰায়োগিক শিক্ষা ল'ব পৰাকৈ চিকিৎসা মহাবিদ্যালয়ৰ লেবৰেটৰী আৰু এইমছ চিকিৎসালয়ৰ অ'পিডিও এপ্ৰিলৰ ভিতৰতে প্ৰয়োজনীয় যন্ত্ৰপাতিসহ সম্পূৰ্ণ সাজু কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰী ডাঃ পাৱাৰে । নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ নিয়মীয়া পৰ্যবেক্ষণত গুৱাহাটী এইমছৰ নিৰ্মাণ কাৰ্য সঠিকভাৱে আগবাঢ়িছে । অৱশিষ্ট নিৰ্মাণকাৰ্যও কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ উদ্যোগত দেশত নতুনকৈ ২২ খন এইমছ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰে ছখন ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে আৰু গুৱাহাটীকে ধৰি বাকী ১৬খনৰ নিৰ্মাণ কাৰ্যও যথেষ্ট আগবাঢ়িছে বুলি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় ।

আনহাতে বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ পাৱাৰে অসমত এন এইচ এমৰ কামকাজৰ লগতে শেহতীয়া ক'ভিড পৰিস্থিতি আৰু প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰো বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশা গুৱাহাটীত বাহৰ পাতি শনিবাৰে মিজোৰামৰ স্বাস্থ্য খণ্ডৰ কামকাজ পৰ্যালোচনাৰ বাবে আইজললৈ ৰাওনা হ'ব ।

লগতে পঢ়ক: অতিথিক কিদৰে আদৰিব লাগে সেয়া অসমীয়াৰ পৰা শিকা উচিত: ৰামনাথ কোবিন্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.