ETV Bharat / state

Smriti Irani in Guwahati: পুষ্টিৰ গুৰুত্ব বৃদ্ধি কৰাটো জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে: স্মৃতি ইৰাণী

author img

By

Published : Apr 10, 2022, 9:55 PM IST

গুৱাহাটীত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি সম্পৰ্কীয় মাণ্ডলিক বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Union minister Smriti Irani in Guwahati)। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিৰ অংশ গ্ৰহণ । বিগত ৩ বছৰত সমগ্ৰ দেশৰ অ'মেন হেল্পলাইনৰ সহযোগত ৭০ লাখ মহিলাই ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰৰ পৰা বিভিন্ন সহায়-সুবিধা লাভ কৰিছে । এনেধৰণৰ আৰু ৩০০ টা কেন্দ্ৰ মুকলি কৰা হ'ব ।

Smriti Irani in Guwahati
পুষ্টিৰ গুৰুত্ব বৃদ্ধি কৰাটো জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে: স্মৃতি ইৰাণী

গুৱাহাটী, ১০ এপ্ৰিল: কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে দেওবাৰে গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত হোৱা মাণ্ডলিক সন্মিলনত অধ্যক্ষতা কৰে (Union minister Smriti Irani in Guwahati)। এই সন্মিলনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, ছিকিম আৰু নাগালেণ্ডৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত পোষণ অভিযান আৰু মন্ত্ৰালয়ৰ অন্যান্য গুৰুত্বপূর্ণ পদক্ষেপৰ ওপৰত আলোকপাত কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, মহিলা আৰু শিশুসকলৰ মাজত পুষ্টিৰ গুৰুত্ব বৃদ্ধি কৰাটো আজি এক জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে । অংশীদাৰসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলৰ স্বাস্থ্য আৰু শিশুসকলৰ পৰিপুষ্টিজনিত সমস্যাসমূহ সমাধানৰ দিশটো কেৱল তেওঁলোকৰ সহযোগিতা আৰু ঐকান্তিক সমর্থনৰ বাবেই সম্ভৱ হৈছে । ইফালে ৱান-উপ চেণ্টাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, ৱান ষ্টপ ক্ৰাইছিছ চেণ্টাৰটোৰ ক্ষেত্ৰত এক সহযোগিতামূলক প্ৰচেষ্টা দেখা গৈছে । য'ত চৰকাৰৰ বিভিন্ন বিভাগে একত্ৰিত হৈ আৰক্ষী, মনো-সামাজিক পৰামৰ্শদাতা, আইনী পৰামর্শদাতা এই সকলোবোৰ সুবিধা একেটা স্থানতে একত্ৰিত হোৱাটো নিশ্চিত কৰি আহিছে ।

বিগত ৩ বছৰত সমগ্ৰ দেশৰ অ'মেন হেল্পলাইনৰ সহযোগত ৭০ লাখ মহিলাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন সহায়-সুবিধা লাভ কৰিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনেধৰণৰ আৰু ৩০০ টা কেন্দ্ৰ মুকলি কৰা হ'ব । চৰকাৰৰ অন্যান্য গুৰুত্বপূর্ণ পদক্ষেপবোৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, জন-ধন যোজনাৰ দ্বাৰা সমগ্ৰ দেশৰ প্ৰায় ২৫ কোটি মহিলা লাভান্বিত হৈছে (Pradhan Mantri Jan Dhan Yojana)। যিয়ে জীৱনত প্ৰথমবাৰৰ বাবে বেংক একাউন্ট খুলিছে । ইফালে মুদ্ৰা যোজনাৰ ৬৮ শতাংশ হিতাধিকাৰী হৈছে মহিলা আৰু ষ্টেণ্ড-আপ ইণ্ডিয়াৰো ৮০ শতাংশ হিতাধিকাৰী মহিলা ।

সন্মিলনত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড৹ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইয়ে তেওঁৰ ভাষণত মন্ত্ৰালয়ৰ তিনিখন বিশেষ আঁচনি ক্ৰমে পোষণ, মিছন শক্তি আৰু মিছন বৎসল্যৰ ওপৰত আলোকপাত কৰে (Zonal conference on women and child development ministry schemes)। দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত মাণ্ডলিক সন্মিলন সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । এই মাণ্ডলিক সন্মিলনসমূহৰ উদ্দেশ্য হৈছে যে অহা ৫ বছৰত আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ সুবিধাৰ বাবে মন্ত্ৰালয়ৰ সংশ্লিষ্ট ৩ টা অভিযান সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা প্ৰশাসনক সজাগ কৰি তোলা । অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে ভাষণত শিশু আৰু মহিলাৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে । অসম চৰকাৰ ৰাজ্যখনত মহিলা আৰু শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: মূল্যবৃদ্ধি সন্দৰ্ভত বিমান ভিতৰত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰ‍ানীক প্ৰশ্ন নীতা ডি'ছুজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.