গুৱাহাটী, 2 মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত উপস্থিত হয় কেন্দ্ৰীয় কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মিজোৰামত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক ৷ এই সময়ছোৱাত দুয়োগৰাকী নেতাই মিজোৰাম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ, আয়ুষ খণ্ড আৰু জল পৰিবহণৰ বিকাশ তথা অসম-মিজোৰামৰ সমন্বয় আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিতং আলোচনা কৰে ।
ইফালে, মিজোৰামৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ পূৰ্বে সােণােৱালে মিজোৰামত অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশৰ লক্ষ্যৰে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, মিজোৰামৰ পৰিবহণ বিভাগ আৰু গড়কাপ্টানি বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। লগতে কালাদান মাল্টি ম'ডেল পৰিবহণ প্রকল্পকে ধৰি অন্যান্য প্রকল্পসমূহৰ অগ্রগতি তথা ৰূপায়ণৰ পর্যালােচনা কৰে ।
![Union Minister Sarbananda Sonwal arrives in Mizoram for a two-days visit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-union-minister-sarbananda-sonwal-in-mizoram-for-two-day-visit-7209925_02032022204759_0203f_1646234279_1084.jpg)
উত্তৰ-পূব ভাৰতত এক শক্তিশালী অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত মিজোৰামে পালন কৰা ভূমিকাৰ ওপৰত আলােকপাত কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে । এই বৈঠকত উপস্থিত থাকে মিজোৰাম চৰকাৰৰ পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ লগতে মিজোৰাম চৰকাৰৰ মুখ্য সচিব ।
উল্লেখ্য যে, ২৩ কিলােমিটাৰ পর্যন্ত খাওথিলাংটুইপুই (কর্ণফুলি)-টুইচাং নদীত অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে । এই প্রকল্পটোত মুঠ ব্যয় হ'ব ২২.৯৩ কোটি টকা। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ইতিমধ্যে ইয়াৰ বাবে মুঠ ৬.১৭ কোটি টকাৰ অনুমােদন জনাইছে । বৈঠকত মিজোৰামৰ খামৰাং গাঁৱৰ সমীপৰ টিয়াং নদীৰ পৰা অসমৰ ঘৰমূৰালৈকে ৮৭.১৩৬ কিলােমিটাৰ দূৰত্বলৈ চলােৱা হাইড্ৰ'গ্রাফিকেল জৰীপ আৰু প্রযুক্তিগত অর্থনৈতিক সম্ভাৱতা অধ্যয়নৰ বিষয়ে আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীক সবিশেষ অৱগত কৰা হয়। আনহাতে চিমটুইপুই নদীত জল পৰিবহণ বিকশিত কৰাৰ বাবে এক বিতং প্রতিবেদনো দাখিল কৰা হয়।
![Union Minister Sarbananda Sonwal arrives in Mizoram for a two-days visit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-union-minister-sarbananda-sonwal-in-mizoram-for-two-day-visit-7209925_02032022204759_0203f_1646234279_246.jpg)
টুইপুই ডিৰ পৰা লােমাছুলৈকে ১৩৮.২৬ কিলােমিটাৰ পর্যন্ত এই নদীখনৰ ওপৰত বিতং হাইড্ৰ'গ্ৰাফিক জৰীপ আৰু প্রযুক্তিগত অর্থনৈতিক সম্ভাৱনীয়তাৰ জৰীপ কৰাৰাে সিদ্ধান্ত মঙলবাৰে অনুষ্ঠিত বৈঠকত লােৱা হয় । এই জৰীপৰ বাবে ব্যয় নির্ধাৰণ কৰা হৈছে ৮২.৩০ লাখ টকা ।
ভাষণত কেন্দ্রীয় মন্ত্রী সােণােৱালে কয় যে, উত্তৰ-পূবৰ অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশত মিজোৰামে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ দৃষ্টিভংগী হৈছে উত্তৰ-পূবক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিনৰূপে উজ্জীৱিত কৰা । এই লক্ষ্যত উপনীত হ'বলৈ হ'লে সভ্যতা-সংস্কৃতিৰ পৰিচায়ক নদীবােৰক পৰিবহণৰ এক ব্যয়সাপেক্ষ, দ্রুত আৰু পাৰিপাৰ্শ্বিকভাৱে উপযুক্ত মাধ্যম হিচাপে সর্বোত্তমভাৱে ব্যৱহাৰ কৰিব লাগিব । কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, মিজোৰামৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক সম্ভাৱনাক সুচাৰুৰূপে অন্বেষণ আৰু উন্মুক্ত কৰিব লাগিব।
লগতে পঢ়ক : Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী