গুৱাহাটী,৩০ অক্টোবৰ: অসমবাসীক ম্ৰিয়মান কৰি কেতিয়াও ঘূৰি নহাৰ বাটেৰে যোৱা দুগৰাকী প্ৰসিদ্ধ শিল্পী নীলপৱন বৰুৱা আৰু নিপন গোস্বামীৰ বাসগৃহত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbanand Sonowal) । সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহত প্ৰথমে উপস্থিত হৈ সোণোৱালে প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীৰ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে তেখেতৰ নিকটাত্মীয়লৈ গভীৰ সমবেদনা জনায় । নীলপৱন বৰুৱাৰ (Neel Pawan Baruah) সান্নিধ্য আৰু তেওঁৰ বিশাল শিল্পীসত্তাৰ কথা সুঁৱৰি সোণোৱালে উল্লেখ কৰে যে নীলপৱন বৰুৱা এগৰাকী মহান শিল্পীৰ উপৰি সহজ-সৰল ব্যক্তি আছিল । যাৰ মানৱীয় প্ৰমূল্যবোধ আৰু হাঁহিমুখীয়া মুখখনে সকলোকে মোহিত কৰিছিল ।
নিভাঁজ মৰম-চেনেহৰ যোগেদি তেওঁ মানুহৰ হৃদয় জয় কৰিছিল । অনুপম চিত্ৰকলাৰ দ্বাৰা তেখেতে অসমৰ লগতে দেশৰ কলা জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গ'ল । তেওঁ লগতে কয় যে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ প্ৰেম সঁচাকৈয়ে অমৰ আৰু অতুলনীয় । নীলপৱন বৰুৱাৰ অমূল্য সৃষ্টিৰাজি আমাৰ মাজত সদায়েই জিলিকি থাকিব বুলি তেওঁ কয় ।
ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱাল উপস্থিত হয় সদ্যপ্ৰয়াত নিপন গোস্বামীৰ শিলপুখুৰীস্থিত বাসগৃহত (Veteran actor Nipon Goswami death) । সকলোৰে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি সোণোৱালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তেখেতৰ শোকস্তব্ধ পুত্ৰ-বোৱাৰী আৰু নিকটাত্মীয়লৈ সমবেদনা জনায় । প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ পৰলোক গমনে অসমৰ সাংস্কৃতিক জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া চিনেমাৰ সোণালী যুগৰ (Golden age of Assamese Cinema) সুদর্শন নায়ক নিপন গোস্বামীৰ কথা মনত পৰিলে বহু মধুৰ স্মৃতিয়ে দোলা দি যায় ।
তাহানিতে ছুপাৰহিট চিনেমা 'ডক্টৰ বেজবৰুৱা' ৰূপালী পৰ্দাত উপভোগ কৰাৰ দিনলৈ মনত পৰিছে বুলি সদৰি কৰি তেওঁ কয় যে তেতিয়াৰ পৰাই নিপনদাৰ আমি অনুৰাগী হৈ পৰিছিলোঁ ৷ নিপনদা এগৰাকী সাৱলীল অভিনেতাৰ উপৰি প্ৰকৃতাৰ্থতে ভদ্ৰ লোক আছিল বুলি তেওঁ সদৰি কৰে । তেখেতৰ পৰা নতুন প্ৰজন্মই বহু শিকিবলগীয়া আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশেষকৈ তেখেতৰ নিয়মানুৱৰ্তিতা আৰু পেছাদাৰীত্ব নতুন প্ৰজন্মই অনুসৰণ কৰিবলগীয়া দিশ ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী স্বনামধন্য শিল্পীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে । তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ষট পূজাৰ পৱিত্ৰ ক্ষণত সহস্ৰাধিক ভক্তিপ্ৰাণ লোকৰ উপস্থিতিৰে মুখৰিত লাচিত ঘাট আৰু শুক্লেশ্বৰ ঘাটত উপস্থিত হয় আৰু সূৰ্যদেৱতা তথা ষট মাতাৰ প্ৰতি ভক্তিভৰা সেৱা আগবঢ়ায় (Chhath Puja 2022) । তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় ।
লগতে পঢ়ক: OC of Kakotibari Police Station Suspended: চৰাইদেউত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন