গুৱাহাটী,২৫ মাৰ্চ: নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ প্ৰায় সকলো হাই প্ৰফাইল নেতাই এতিয়া ভিৰ কৰিছেহি অসমত । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ । বিশেষ বিমানযোগে কলকাতাৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত শুকুৰবাৰে পুৱা ১১.১০ বজাত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্রীগৰাকী । বিমানবন্দৰৰ পৰা হেলিকপ্তাৰযোগে কামৰূপৰ কমলপুৰত উপস্থিত হৈ সোণেশ্বৰ বৰংগাবাৰী খেলপথাৰত আয়োজন কৰা ৰেলীত ভাগ ল'ব গৃহমন্ত্ৰী গৰাকীয়ে । দলীয় প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলাই ১.৩০ বজাত জাগীৰোডলৈ গৈ প্ৰাৰ্থী পীযুষ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে ।
ইয়াৰ পাচত বিয়লি ৩.২৫ বজাত কৰিমগঞ্জৰ পাথাৰকান্দিত উপস্থিত হৈ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ লগতে ৫.১৫ বজাত শিলচৰৰ ইণ্ডিয়া ক্লাবৰ খেলপথাৰত আয়োজন কৰা ৰাজহুৱা সভাত প্ৰাৰ্থী দ্বীপায়ন চক্ৰৱৰ্তীৰ হৈ প্ৰচাৰ চলাব শ্বাহে । সন্ধিয়া ৬.১০ বজাত শিলচৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ৷
লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ৰকিবুল হুছেইনৰ বিশাল ৰেলী