ETV Bharat / state

কেব চালকৰ বাবে বাধ্যতামূলক ইউনিফর্ম-বেজ

author img

By

Published : Jul 1, 2022, 9:31 PM IST

কেব চালকসকলৰ বাবেও বাধ্যতামূলক হ’ব ইউনিফর্ম আৰু বেজ পৰিধান । এই কথা জনালে কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাসে ৷ কেব চালকৰ সমস্যাৰাজি দূৰ কৰাৰ বাবে পৰিবহণ বিভাগে গ্ৰহণ কৰিব ব্যৱস্থা ৷

DTO Gautam Das
কেব চালকৰ বাবে বাধ্যতামূলক ইউনিফর্ম আৰু বেজ পৰিধান

গুৱাহাটী, ১ জুলাই: মহানগৰীৰ নাৰেংগী কেন্দুগুৰিস্থিত অসম কেব চালক সন্থাৰ কাৰ্যালয়ত শুকুৰবাৰে গুৱাহাটীৰ কেব চালকসকলৰ বাবে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । সদৌ অসম কেব চালক সন্থাৰ উদ্যোগত, শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত শুকুৰবাৰে পুৱা ১০ বজাত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই (Dispur MLA Atul Bora)।

ভাষণ প্ৰসংগত বিধায়ক বৰাই বিবাদ পৰিহাৰ কৰি সকলো কেব সন্থা একত্ৰিত হৈ সেৱাৰ মানোভাৱেৰে আগবাঢ়িবলৈ তেওঁ কেব চালকসকলক আহ্বান জনায় । ইফালে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস(DTO Gautam Das), অল আছাম কেব অপাৰেটৰ্চ ইউনিয়নৰ(All Assam Cab Operators Union) সভাপতি বিষ্ণু দাস, উপ-সভাপতি জেউৰ ৰহমান ।

ভাষণ প্ৰসংগত পৰিবহন বিষয়াগৰাকীয়ে কেব চালক সকলৰ উদ্যোগত অনুষ্ঠিত এনে চকু চিকিৎসা শিবিৰৰ শলাগ লয় । তেওঁ লগতে গুৱাহাটী মহানগৰীত অ'লা, উবেৰ, পে ইণ্ডিয়া আৰু ৰেপিড’ৰ অধীনত টেক্সি-বাইক চলোৱাসকলৰ বাবে এতিয়াৰ পৰা ইউনিফার্ম বাধ্যতামূলক কৰা হোৱাৰ কথা উল্লেখ কৰে ।

তেওঁ কয়, কেব চালকসকলৰ বাবেও ইউনিফর্ম আৰু বেজ পৰিধান কৰাটো বাধ্যতামূলক কৰা হ’ব (Uniform for Cab driver)। ইয়াক অমান্য কৰিলে জৰিমনা বিহা হ’ব । অৱশ্যে কেতিয়াৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হ’ব সেই কথা স্পষ্টকৈ উল্লেখ নকৰিলে পৰিবহন বিষয়াগৰাকীয়ে ।

কেব চালক আৰু যাত্ৰীৰ মাজত ব্যৱধান দূৰ কৰাৰ লগতে কেব চালকৰ সমস্যাৰাজি দূৰ কৰাৰ বাবে পৰিবহন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ ব্যক্ত কৰে । এই চকু চিকিৎসা শিবিৰটোত শংকৰদেৱ নেত্ৰালয়ৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে প্ৰায় শতাধিক লোকক চকু চিকিৎসা আগবঢ়ায় ।

লগতে পঢ়ক: কামৰূপত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ তথা বিক্ৰীত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.