গুৱাহাটী, 4 ডিচেম্বৰ : আম আদমী পাৰ্টীৰ কামৰূপ মহানগৰ যুৱ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ ৷ লক ডাউনৰ সময়ত বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ম সংস্থাপনহীন হোৱা যুৱক-যুৱতী সকলক সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে মুকলি কৰিব হোৱাইটছ এপ নম্বৰ লগতে ইমেইল আইডি ৷
জানিব দিয়া অনুসৰি, নিবনুৱা যুৱক-যুৱতী সকলক যোগ্যতা অনুসৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি দিব ৷ সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰ্ম সংস্থাপন দিয়া হ'ব বুলি জানিব দিয়ে কামৰূপ মহানগৰ যুৱ সমিতিৰ সম্পাদক জাফেল আলী হুছেইনে ৷
লগতে পঢ়ক : চ'চিয়েল মিডিয়াত অধিবক্তাৰ আপত্তিজনক মন্তব্যঃ বহিস্কাৰ কৰিলে নগাঁও উকীল সন্থাই