ETV Bharat / state

ৰাজ্যত অপৰিৱৰ্তিত ক'ভিড পৰিস্থিতি - হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজধানী চহৰখনত ২২৮ গৰাকী লোক নতুনকৈ কৰ'ণাত (COVID0 আক্ৰান্ত হৈছে। নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাৰ সম্ভাৱনা। ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.৭৯ শতাংশ। ২৪ ঘণ্টাত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু।

unchanged-covid-situation-in-the-state
ৰাজ্যত অপৰিৱৰ্তিত ক'ভিড পৰিস্থিতি
author img

By

Published : Jul 11, 2021, 11:04 PM IST

গুৱাহাটী,১১ জুনঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি (COVID SITUATIONS) ক্ৰমাৎ বেয়াৰ দিশে গতি কৰিছে । গুৱাহাটীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ (COVID-19) সংক্ৰমণ । বিগত ২৪ ঘণ্টাত ৰাজধানী চহৰখনত ২২৮ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । কৰ'ণা মহামাৰীয়ে গুৱাহাটী মহানগৰীত পুনৰবাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ (HELATH DEPARTMENT)।

ইতিমধ্যে গুৱাহাটী মহানগৰীৰ( GUWAHATI CITY) ক'ভিড পৰিস্থিতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে স্বাস্থ্য বিভাগে। ক'ভিডকেন্দ্ৰীক নীতি-নিৰ্দেশনা সমূহ বলবৎ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে যৌথভাৱে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (HIMANTA BISWA SHARMA) গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা দৈনিক ২৫০ অতিক্ৰম কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে।

তেনেস্থলত গুৱাহাটীত ক'ভিডকেন্দ্ৰীক নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । কাৰণ গুৱাহাটীত যিকোনো সময়ত আক্ৰান্তৰ সংখ্যাই ২৫০ অতিক্ৰম কৰাৰ আশংকা ব্যক্ত কৰা হৈছে । উল্লেখ যে, কৰ'ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষভাৱে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী-প্ৰশাসন । সান্ধ্য আইনৰ সময়ত সান্ধ্য ভ্ৰমণকে ধৰি বিভিন্ন অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা লোকসকলৰ ক্ষেত্রত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ।

ইতিমধ্যে গঠন কৰা টাস্ক ফ'ৰ্চৰ দলে গুৱাহাটীত সান্ধ্য আইন প্ৰযোজ্য হোৱাৰ লগে লগেই অভিযানত নামি পৰে । উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ২,৩৯১ গৰাকী লোকৰ দেহত নতুনকৈ ক'ভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ভিতৰত শীৰ্ষত আছে গোলাঘাট জিলা । জিলাখনৰ ২৩৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

সেইদৰে যোৰহাটত (JORHAT) ২০৬ গৰাকী, শোণিতপুৰত (SONITPUR) ১৪১ গৰাকী, শিৱসাগৰত (SIVSAGAR) ১৩২ গৰাকী, ডিব্ৰুগড়ত (DIBRUGARH) ১১৩ গৰাকী, নগাঁৱত (NAGAON) ১১১ গৰাকী, লখিমপুৰত (LAKHIMPUR0 ১০৯ গৰাকী আৰু বাক্সা (BAKSHA) জিলাত ১০০ গৰাকী লোক কৰ'ণাত (COVID) আক্ৰ‍ান্ত হৈছে । ৰাজ্যৰ ৯ খন জিলাত শতাধিক লোক নতুনকৈ কৰ'ণাত আক্ৰ‍ন্ত হৈছে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৩৩,৩০৮ গৰাকী লোকৰ ক'ভিড পৰীক্ষা (COVID TEST) কৰা হৈছিল আৰু ইয়াৰে ১.৭৯ শতাংশ লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আনহাতে মৃত্যু হয় ২৪ গৰাকী ৰোগীৰ । ৰাজ্যিক ভিত্তিত আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে যদিও গুৱাহাটীকে ধৰি বহু কেইখন জিলাত আক্ৰান্তৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাইছে । বৰ্তমান সময়টো ৰাজ্যৰ সাতখন জিলা সম্পূৰ্ণ ৰূপে কনটেইনমেণ্ট জ'ন হৈ আছে ।

লগতে পঢ়কঃ এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.