গুৱাহাটী, 7 জানুৱাৰী : গণৰাজ্য দিৱস উপলক্ষে অসমৰ 200 বছৰীয়া চাহক প্ৰতীকপট হিচাপে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱ ৷ কিন্তু পেৰেডত অসমৰ প্ৰতীকপটক লৈ বৰ্তমানলৈ কোনো নিশ্চয়তা পোৱা নাই অসম চৰকাৰে ৷
সমাগত গণৰাজ্য দিৱস ৷ ৰাজধানী চহৰ দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস উপলক্ষে প্ৰদৰ্শিত হ’ব ৰাজ্য সমূহৰ কলা-সংস্কৃতিকে ধৰি বিভিন্ন দিশ প্ৰতিফলিত কৰা প্ৰতীকপট ৷ কিন্তু এতিয়াও এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন হ’বলগা অসমৰ প্ৰতীকপটক লৈ চলি আছে অনিশ্চয়তা ৷
অসমৰ গৌৰৱোজ্জ্বল 200 বছৰীয়া চাহক প্ৰতীকপট হিচাপে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱ ৷ কিন্তু জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত অনুমোদন দিয়া নাই অসমৰ প্ৰতীকপটত ৷ এই বিষয়টোক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই প্ৰতিক্ৰিয়া আগবঢ়াই কয়, "যোৱা বছৰ অসমৰ প্ৰতীকপট প্ৰদৰ্শিত হৈছিল, গতিকে এইবাৰ যদি প্ৰদৰ্শিত নহয় তেন্তে ক'বলগীয়া নাই ৷ কাৰণ প্ৰতিখন ৰাজ্যই অংশগ্ৰহণ কৰাটো প্ৰয়োজন ৷ এইবছৰ নহ’লে অহাবছৰ হ'ব ৷"
আনহাতে আজি এক সংবাদমেল সম্বোধন কৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰদান কৰে মন্ত্ৰী বিমল বড়াই ৷ উজনি অসমৰ উন্নয়নক লৈ ড৹ দয়ানন্দ বুঢ়াগোহাঁইয়ে কৰা মন্তব্যৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, "বিজেপি চৰকাৰ শাসনত অহাৰ পিছত আজি 100 শতাংশ লোকৰ ঘৰত বিজুলীৰ সংযোগ আছে ৷ চাহ বাগিচাৰ লাইনৰ ভিতৰত পকী ৰাস্তা হ'ল ৷ ঘৰে ঘৰে শৌচাগাৰ হ'ল ৷" এইবোৰ কি বিকাশ নহয় নেকি বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷
লগতে নগাঁৱৰ জিলা আয়ুক্তই সাংবাদিকক দুঃব্যৱহাৰ কৰাৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, "সংবাদমাধ্যম জনতাৰ অন্য এটা চকু ৷ সমাজৰ নতুন নতুন চিন্তা আৰু সমস্যা সমূহ দাঙি ধৰাৰ বাবে সংবাদমাধ্যমে সহায় কৰে ৷ এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে ৷ জনসংযোগ বিভাগে বিষয়টো চোৱা-চিতা কৰি আছে ৷"
লগতে পঢ়ক : আজমলে সাম্প্ৰদায়িক মন্তব্য কৰি থকাটো বিজেপিয়ে বিচাৰে: গৌৰৱ গগৈ