গুৱাহাটী,২০ জানুৱাৰী : স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তীত এইবাৰ কেন্দ্ৰীয় চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছে । কিন্তু এই গৌৰৱময় ক্ষণত গণৰাজ্য দিৱসত অসমে বীৰাংগনা কনকলতাৰ জৰিয়তে অসমৰ স্বাধীনতা যুঁজৰ অৱদান দেশবাসীৰ সন্মুখত উপস্থাপন কৰাৰ ডাঙৰ সুযোগ হেৰুওৱাৰ উপক্ৰম ঘটিছে (Uncertainty over Assam tableau making Republic Day event cut)। মূলতঃ অসমৰ প্রতীকপট গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰিবলৈ অসমে এই পর্যন্ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা অনুমতি লাভ কৰাৰ ক্ষেত্রত অনিশ্চয়তাই দেখা দিছে ।
এইবাৰ অসমে গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ শ্বহীদ কনকলতা বৰুৱাৰ হাতত জাতীয় পতাকা লৈ আগবাঢ়ি গৈ থকাৰ ভংগীৰ প্ৰতীকপট তৈয়াৰ কৰিছিল । কিন্তু এইক্ষেত্রত কেইবাটাও কাৰণত বাধা আহি পৰিছে । অসমৰ বাবে গুৰুত্বপূৰ্ণ এই বিষয়ত পিছে বিশেষ গুৰুত্ব আৰোপ কৰা নাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই । বিমল বৰাৰ মতে প্রতীকপট প্ৰদৰ্শন কৰিব নোৱাৰাতো কোনো ডাঙৰ কথা নহয় ।
তেওঁৰ মতে দেশৰ প্রত্যেকখন ৰাজ্যই প্রত্যেক বছৰে গণৰাজ্য দিৱসৰ পেৰেডত প্রতীকপট প্ৰদৰ্শনৰ সুযোগ নাপাবও পাৰে । এই অংশগ্রহণ বাধ্যতামূলকো নহয় । প্রত্যেক বছৰেই যে অংশগ্রহণ কৰিবই লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাই ।
প্ৰকৃততে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে ব্যর্থতাৰ গ্লানি আঁতৰাবলৈ এনে যুক্তি দাঙি ধৰিছে । ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । কেবল এইটো বিষয়ৰ বাবে তেওঁ ইতিমধ্যে সাংস্কৃতিক সঞ্চালক কিশোৰ ঠাকুৰীয়াক সেই পদবীৰ পৰা বদলি কৰিছে আৰু কেন্দ্রীয় প্রতিপক্ষা মন্ত্রালয়লৈ অসমক সুযোগ প্রদান কৰাৰ অনুৰোধ জনাই পত্রও প্ৰেৰণ কৰিছে । মুখ্যমন্ত্ৰী হিচাপে কার্যকালৰ প্ৰথমটো বছৰতে এনে ব্যর্থতা বা বিসংগতি মানি ল'বলৈ প্ৰস্তুত নহয় মুখ্যমন্ত্রী ।
তদুপৰি দেশৰ স্বাধীনতা অর্জনৰ ৭৫ সংখ্যক জয়ন্তীৰ গণৰাজ্য দিৱসত অসমে ৰাষ্ট্রীয় পর্যায়ত স্বাধীনতা যুঁজলৈ নিজ ৰাজ্যৰ অৱদানৰ বিষয়ে উপস্থাপন কৰিব নোৱাৰাতো গভীৰ লজ্জা আৰু ব্যর্থতাৰ বিষয় হ'ব । চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতীকপটত থকা কেতবোৰ ভুল প্ৰতিৰক্ষা মন্ত্রালয়ে সংশোধন কৰিবলৈ নির্দেশ দিছিল । সেই ভুল সংশোধন কৰাৰ পাছত এতিয়ালৈকে প্ৰতিৰক্ষা মন্ত্রালয়ে অনুমোদন জনোৱা নাই । আনহাতে দিছপুৰৰ এটা সূত্ৰই জনোৱা অনুসৰি সময়মতে বিত্ত বিভাগে ৫০ লাখ টকাৰ পুঁজি মোকলাই দিব নোৱাৰাৰ বাবেহে অসমে সঠিক সময়ত প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰি সুযোগ হেৰুৱাইছে ।
প্রতীকপট উপস্থাপনত কি বিলম্ব ঘটিল, তাৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক সঞ্চালক কিশোৰ ঠাকুৰীয়াক মাতি নিছিল । সঞ্চালকজনে পুঁজিৰ অভাৱৰ বাবে সময়ত অসমে কাম সম্পাদন কৰিব নোৱাৰিলে বুলি কোৱাত খঙত মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে তেওঁক সঞ্চালকৰ পদৰ পৰা বদলি কৰে । অৱশ্যে তাৰ পাছতো বিষয়টো আগবঢ়া নাই ।
পলম হোৱাৰ বাবেই মুখ্যমন্ত্রীয়ে এতিয়া জৰুৰী পদক্ষেপ লৈ প্ৰতিৰক্ষা মন্ত্রালয়ক অনুৰোধ জনালেও এই পর্যন্ত কামত অহা নাই । গণৰাজ্য দিৱসলৈ মাজত মাত্র কেইটামান দিন বাকী আছে । এনে অৱস্থাত এইবাৰ গণ্যৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্রতীকপট প্রদর্শন কৰাৰ বিষয়টোত অনিশ্চয়তাই দেখা দিছে ।
লগতে পঢ়ক :Jal Jeevan Mission in Assam: ২০২৪ চনৰ ভিতৰত 'হৰ ঘৰ জল' ৰাজ্য হোৱাৰ পথত অসম