ETV Bharat / state

যোৰহাটত বিৰোধীৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ; তপন গগৈৰ পুনৰ প্ৰাৰ্থিত্বক লৈ বিজেপিত শংকা !

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:12 PM IST

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈৰ কাৰণেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ব নেকি যোৰহাটৰ বৰ্তমানৰ সাংসদ তপন গগৈ ? উজনি অসমৰ এক গুৰুত্বপূৰ্ণ সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ সমীকৰণত আউল লাগিছে বিজেপিৰ ৷

Upcoming Lok sabha election
BJP mp tapan gogoi

গুৱাহাটী, ১৬ নৱেম্বৰ: মাত্ৰ কেইদিনমান আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যোৰহাটত এইবাৰ তপন গগৈ বৃহৎ ব্যৱধানত জয়লাভ কৰিব ৷ কিন্তু যোৰহাট লোকসভা সমষ্টিত যিমানেই গৌৰৱ গগৈ কংগ্ৰছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ আছে, সিমানেই বিজেপিৰ শিবিৰত সমষ্টিটোক লৈ সমীকৰণত জটিলতা অহা দেখা গৈছে ৷ সিমানেই প্ৰশ্নবোধক সৃষ্টি হৈছে তপন গগৈৰ পুনৰবাৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনাক লৈ ৷

এক কথাত ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ নেতৃত্বত ১৫ টাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ জোঁটবন্ধনৰ পিছত যোৰহাট লোকসভা সমষ্টিক লৈ বিজেপি সচেষ্ট হৈ পৰিছে । সংবাদ মাধ্যমত বুকু ডাঠ কৰি ক’লেও কিন্তু বিজেপিয়ে তপন গগৈক লৈ শংকাত পৰিছে । সংসদৰ মজিয়াৰ পৰা ৰাজ্যৰ ৰাজনীতিলৈকে তপন গগৈ আৰু গৌৰব গগৈৰ তুলনাই গেৰুৱা দলটোক দ্বিধাগ্ৰস্ত কৰি তুলিছে ৷

আনহাতে, বিজেপিৰ মাৰ্গ দৰ্শক আৰ এছ এছৰ তৰফৰ পৰাও তপন গগৈ সমষ্টিটোত গৌৰৱ গগৈৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী নহয় বুলি বিবেচনা কৰিছে বুলি বিজেপিৰ ভিতৰচ’ৰাতে চৰ্চা হ’ব ধৰিছে ৷ আহোম জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ প্ৰাৰ্থী হ’ব বুলি খবৰ ওলোৱাৰ পিছতে পূৰ্ণগতিত সক্ৰিয় হৈছে পূৰ্বৰ কংগ্ৰেছী সাংসদ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈৰ ঘনিষ্ঠ কংগ্ৰেছীসকল । সক্ৰিয় হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈপন্থী কংগ্ৰেছীসকল ৷

উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ৰে পৰা কংগ্ৰেছৰ আহোম নেতা-কৰ্মীসকলৰ এটা বৃহৎ অংশ নিষ্ক্ৰিয় হৈ থকা দেখা গৈছিল । যিটো তপন গগৈ আৰু বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে ৷ যোৰহাট লোকসভা সমষ্টি পুনৰ নিজৰ দখলতে ৰাখিবৰ বাবে বিজেপিয়ে সকলো প্ৰকাৰে ৰণনীতি ৰচনা কৰিছে ৷ সকলো শ্ৰেণীৰ ভোটাৰৰ মাজত নিজৰ ভেঁটি দৃঢ় কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে দলটোৱে ৷

কিন্তু ১৫ দলীয় বিৰোধীৰ মিত্ৰজোঁটৰ তৎপৰতাও দলটোৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ৷ কিয়নো অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে প্ৰথম অৱস্থাত যোৰহাট আসনখন বিচাৰিছিল ৷ কিন্তু ইতিমধ্যেই সমষ্টিটোত নিৰ্বাচন নেখেলে বুলি স্পষ্ট কৰি দিছে ৰাইজৰ দলে ৷ আনহাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ো গৌৰৱ গগৈৰ বাবে এক শক্তিৰূপে পৰিগণিত হৈছে ৷

কাজেই তপন গগৈৰ বাবে এবাৰ ভাবিবলগীয়া হৈছে বিজেপিয়ে ৷ যাৰ ফলত বৰ্তমানৰ শাসকীয় দলৰ সাংসদ তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্নবোধক উত্থাপন হৈছে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমান গৌৰৱ গগৈৰ সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিটো বিলুপ্ত হোৱাৰ পিছত গৌৰৱ গগৈয়ে এইবাৰ লোকসভা নিৰ্বাচন ক’ৰপৰা খেলিব তাক লৈ ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈ আহিছে ৷ বিপৰীতে সংসদৰ মজিয়াত গৌৰৱ গগৈ দেশৰ প্ৰতিভাশালী যুৱ নেতাৰূপে উজলি উঠাৰ পিছত ৰাজ্যতো সমাদৃত হৈছে ৷

এফালে গৌৰৱ গগৈৰ সংসদত উদাত্ত প্ৰদৰ্শন, আনফালে সাংসদ হিচাপে সংসদত তপন গগৈৰ নিস্প্ৰভ প্ৰদৰ্শন । এই সকলো দিশ চালি-জাৰি চাইছে বিজেপিয়ে ৷ তাৰ উপৰিও আৰএছএছৰ সেউজ সংকেতেহে নিশ্চিত কৰিব তপন গগৈ এইবাৰ যোৰহাটতত বিজেপিৰ প্ৰাৰ্থী হ’বগৈ নে নহয় ? নে বিজেপিয়ে তপন গগৈৰ পৰিৱৰ্তে আন শক্তিশালী প্ৰাৰ্থী যোৰহাটৰ বাবে প্ৰক্ষেপ কৰিব ?

এক কথাত ২০২৪ত তপন কুমাৰ গগৈয়ে বিজেপিৰ প্ৰাৰ্থিত্ব পুনৰ লাভ কৰিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । লোকসভা ২০২৪ত যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে তপন গগৈয়ে যুঁজিবলৈ পাবনে নাপায় তাৰ বাবে কৰিব লাগিব হয়তো আৰু দুমাহমান অপেক্ষা ।

লগতে পঢ়ক: Lok Sabha Election Assam : যোৰহাট-ডিব্ৰুগড়ত বিৰোধীৰ দুই গগৈৰ তৎপৰতাত উদ্বিগ্ন বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.