ETV Bharat / state

সাৰ্বভৌমত্ব অবিহনে আলোচনালৈ পৰেশ বৰুৱা ! - শান্তি আলোচনা

সঁচাকৈয়ে শান্তি আলোচনালৈ আহিবনে পৰেশ বৰুৱা ? নে আকৌ আলোচনাৰ নামত ১৯৯১ ৰ পুনৰাবৃত্তি হ'ব ৷ এই সন্দৰ্ভত কি ক'লে একালৰ সতীৰ্থ অনুপ চেতিয়াই...

সাৰ্বভৌমত্ব অবিহনে আলোচনালৈ পৰেশ বৰুৱা !

author img

By

Published : May 27, 2021, 9:03 PM IST

গুৱাহাটী, 26 মে' : "পৰেশ কিন্তু অত্যন্ত Determined ৷ একমাত্ৰ "সাৰ্বভৌমত্ব" প্ৰসংগতহে আলোচনা হ'ব লাগিব বুলি আজি চাৰি দশকজুৰি আঁকোৰগোজ হৈ আছে পৰেশ বৰুৱা ৷" আলফাৰে সৈতে শান্তি আলোচনাৰ প্ৰসংগই চৰ্চা লাভ কৰাৰ মাজতে ইটিভি ভাৰতৰে সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰিলে বৰুৱাৰ একালৰ সহযোগী অনুপ চেতিয়াই ৷

সাৰ্বভৌমত্ব অবিহনে আলোচনালৈ পৰেশ বৰুৱা !

পৰেশ বৰুৱাক শান্তি আলোচনাৰ মেজলৈ আনিবলৈ চৰকাৰী পক্ষই বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰখাৰ মাজতে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈয়েই পৰেশ বৰুৱাক আহ্বান জনাইছিল অস্ত্ৰৰ মোহ এৰি আলোচনাৰ প্ৰক্ৰিয়ালৈ আহিবলৈ । মুখ্যমন্ত্ৰীৰ এই আহ্বানলৈ পৰেশ বৰুৱাইও সম্পূৰ্ণ সঁহাৰি দিছিল ৷ এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে শান্তি আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা ?

ইতিমধ্যে তিনি মাহৰ যুদ্ধবিৰতি ঘোষণা, ৰিতুল শইকীয়াক মুকলি আদি ঘটনা প্ৰবাহে চৰকাৰ-আলফাৰ আলোচনা প্ৰক্ৰিয়াৰ এক ইতিবাচক ভৱিষ্যতৰ ইংগিত বহন কৰিছে । কিন্তু সাৰ্বভৌমত্ব অবিহনে এই আলোচনা কিমান দূৰ সম্ভৱ ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰেশ বৰুৱাৰ একালৰ সহযোগী অনুপ চেতিয়াই প্ৰকাশ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ৷

"পৰেশ কিন্তু অত্যন্ত Determined ৷ একমাত্ৰ "সাৰ্বভৌমত্ব" প্ৰসংগতহে আলোচনা হ'ব লাগিব বুলি আজি চাৰি দশকজুৰি আঁকোৰগোজ হৈ আছে পৰেশ বৰুৱা । যি দাবী ভাৰত চৰকাৰে আজিও মানি লোৱা নাই বা মানি লোৱাৰ সম্ভাৱনাও নাই ।" এইদৰে ক'লে পৰেশ বৰুৱাক নিচেই ওচৰৰ পৰা পোৱা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

লগতে পঢ়ক: বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.