ETV Bharat / state

মহন্ত যুগৰ অৱসান - two time assam cm prafulla kumar mahanta

এইবাৰ নিৰ্বাচন নেখেলে প্ৰফুল্ল কুমাৰ মহন্তই । ৰাজ্যৰ দুবাৰৰ মুখ্যমন্ত্ৰী, চাৰিবাৰৰ বিৰোধী দলৰ দলপতি তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি মহন্তই যেন আজি সময়ৰ ওচৰত হাৰ মানিলে ।‌ তিনিটা দিনৰ আগতে মহন্তৰ পত্নী ড৹ জয়শ্ৰী গোস্বামী মহন্তই ইটিভি ভাৰতক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে দলৰ দ্বাৰা প্ৰতাৰিত হ'লেও মহন্তই সাহস হেৰুওৱা নাই ৷ তেওঁ নিৰ্বাচন খেলিব । কিন্তু হঠাতে সিদ্ধান্ত সলনি কৰি মহন্তই নিৰ্বাচন নেখেলাৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক মহলত চলিছে বিশেষ চৰ্চা ৷

Prafulla Mahanta is leaving his political life
মহন্ত যুগৰ অৱসান
author img

By

Published : Mar 10, 2021, 8:14 PM IST

গুৱাহাটী,10 মাৰ্চ: সমৰ্থন বা বিৰোধিতা কৰাটো নিজা কথা হ'লেও ‌অসমৰ ৰাজনীতিত প্ৰফুল্ল কুমাৰ মহন্তক যেন কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ অন্ততঃ আজিৰে পৰা‌ দুটা দিনৰ আগলৈকে এয়াই আছিল সত্য ৷ কিন্তু এতিয়া সেই ধাৰণা অতীত । মঙলবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড৹ জয়শ্ৰী গোস্বামী মহন্তই তেওঁৰ স্বামী তথা অসমৰ দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, চাৰিটা কাৰ্যকালৰ বিৰোধী দলপতি তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰ বা আন কোনো সমষ্টিৰ পৰা‌ প্ৰাৰ্থিত্ব আগনবঢ়াই বুলি কৰা মন্তব্যই সমগ্ৰ পৰিস্থিতিকে সলনি কৰি‌ছে ৷

1952 চনৰ 23 ডিচেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল কুমাৰ মহন্তই ছবছৰীয়া অসম আন্দোলনক নেতৃত্ব দি অসমবাসীৰ বাবে এক সংকটৰ মুহুৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেওঁঁ আছিল দেশৰ সৰ্ব কনিষ্ঠ মুখ্যমন্ত্ৰী ৷ তাৰ পাছতে বহু সংঘাতৰ মাজেৰে আগবাঢ়ি আহিছিল মহন্তৰ ৰাজনৈতিক জীৱন ৷ তেওঁৰ প্ৰথমটো কাৰ্যকালতে ৰাজ্যত বিদ্ৰোহী সংগঠন আলফাৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাই‌ছিল ৷ 1989 চনত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আৰম্ভ হয় অপাৰেশ্যন বজৰং আৰু অপাৰেশ্যন ৰাইন’ । সেয়াই যেন আছিল আৰম্ভণি ।‌ আলফাৰ দিনত আৰম্ভ হ'ল হত্যা-হিংসাৰ ৰাজনীতি । 1991 চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ‌ পাছত 1996 চনত মহন্তই পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় যদিও চৰকাৰ গঠন কৰাৰ পাছতেই পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে ৷

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছ মুহুৰ্ততে এক লোমহৰ্ষক হত্যাৰ বলি হৈছিল নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস ৷ তাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গুপ্তহত্যাৰ বিভীষিকা আৰম্ভ হয় ৷ আলফা নেতাৰ পৰিয়ালৰ ওপৰত চলা নৃশংস হত্যা লীলাৰ মাজতে গৃহ মন্ত্ৰীৰো দায়িত্বত থকা প্ৰফুল্ল কুমাৰ মহন্ত নিজেই গুপ্তহত্যাৰ অভিযোগত অভিযুক্ত হৈ পৰে । ফলত 2001 চনৰ নিৰ্বাচনত পুনৰ পৰাজয়ৰ সন্মুখীন হয় অগপ ৷

মন কৰিবলগীয়া যে, এইখিনি সময়তে সংঘামিত্ৰা ভৰালীৰ লগত বিবাহ বিতৰ্কত মহন্তৰ নাম সাঙোৰ খাই পৰে । সেয়া আছিল আঞ্চলিক ৰাজনীতিৰ মধ্যমণি প্ৰফুল্ল কুমাৰ মহন্তৰ জীৱনৰ অন্ধকাৰ এক অধ্যায় ৷ তাৰ‌ পাছৰ প্ৰতিটো নিৰ্বাচনতে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ পৰা জিকি আহিলেও অসম গণ পৰিষদৰ বিজয় সম্ভৱ হোৱা নাছিল । শেহতীয়া দুটা দশকত মহন্ত আৰু অগপৰ মাজত সকলো পৰ্যায়তে অব্যাহত থকা সংঘাত আৰু ক্ষমতাৰ অৰিয়া-অৰিয়ে দল আৰু প্ৰফুল্ল কুমাৰ মহন্ত উভয়কে অন্ধকাৰলৈ ঠেলি দিছিল । আৰু তাৰ পৰিণতিতেই যেন এইবাৰ ক্ষমতাশালী নেতা গৰাকীয়ে নিজে গঢ়া দল আৰু সমষ্টিৰ পৰা‌ আঁতৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল ।

‌উল্লেখ্য যে, কেৱল গুপ্তহত্যা কিম্বা ৰাজনৈতিক পৰিস্থিতিৰ অৱনমনেই নহয়, ৰাজ্যৰ নিবনুৱা সমস্যা, বান-খহনীয়া, স্বাস্থ্য, শিক্ষা কোনোক্ষেত্ৰতে মহন্তই কোনো যুগান্তকাৰী সিদ্ধান্ত ল'ব নোৱাৰাৰ‌ ফলত তেওঁ হৈ ‌পৰিল অচল টকা ।‌ সম্ভৱতঃ পৰিস্থিতিৰ দাস হৈ ৰাজ্যৰ ৰাজনৈতিক পথাৰৰ পৰা স্ব-নিৰ্বাসিত হ'ব বিচাৰিছে একালৰ প্ৰতাপী ৰাজনীতিক প্ৰফুল্ল কুমাৰ মহন্তই ।‌ জানিব পৰা মতে, দুই-এদিনতে বিগত 35 বছৰ ধৰি বাস কৰি অহা‌ দিশপুৰৰ বিধায়ক আৱাসৰ ঘৰতো এৰি পৰিয়ালসহ মহন্তই আজিৰে পৰা প্ৰায় তিনিটা দশকৰ পূৰ্বেই নিৰ্মাণ কৰি থোৱা নিজা ঘৰটোত প্ৰৱেশ কৰিব ৷ এইয়া যেন অসমৰ ৰাজনীতিৰ এটা অধ্যায়ৰ যৱনিকা ৷

লগতে পঢ়ক: মনোনয়ন দাখিল কৰিলে বঢ়মপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.