গুৱাহাটী, 19 আগষ্টঃ মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত দুই সন্দেহ যুক্ত বিদেশী নাগৰিক ৷ লখৰাস্থিত প্ৰিয়া লজৰ পৰা গ্ৰেপ্তাৰ লোক দুজনক । গ্ৰেপ্তাৰ কৰা লোক দুজন নাইজেৰিয়াৰ প্ৰতীক আৰু ইব্ৰাহিম ৰূমন ৷ লোক দুজনৰ পৰা জব্দ কৰা হৈছে 30 টাকৈ কাগজৰ বান্দিল ৷ সন্দেহ কৰা হৈছে জালিয়াটি পইচা নিৰ্মাণত ব্যৱহাৰ কৰা হয় কাগজৰ বান্দিল সমূহ । লোক দুজনৰ ম'বাইলৰ পৰা উদ্ধাৰ হৈছে আপত্তি জনক মেছেজ । তদুপৰি লগত নাই পৰ্যাপ্ত নথি পত্ৰ তথা পাছপোৰ্ট ।
উল্লেখ্য যে, মাত্ৰ কেইমাহমান পূৰ্বে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্ত হৈ আহিছে লোক দুজন । চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা সময়ত আৰক্ষীক আক্ৰমণ কৰে লোক দুজনক ।