ETV Bharat / state

সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক

author img

By

Published : Nov 9, 2020, 10:30 PM IST

সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত 21 গৰাকী লোকক আটক চিআইডিৰ ৷ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সঞ্চালক তথা এচিএচ বিষয়া মাহমুদ হাচানে দাখিল কৰা এজাহাৰৰ ভিত্তিত লোক কেইগৰাকীক আটক ৷ মুঠ চাৰিখন জিলাত অভিযান চলাই আৰক্ষীয়ে অভিযুক্ত কেইগৰাকীক আটক কৰে ৷

সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে  জড়িত 21 গৰাকীক আটক
সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক

গুৱাহাটী, 9 অক্টোবৰ: সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত 21 গৰাকী লোকক আটক কৰিছে চিআইডিয়ে ৷ সোমবাৰে চিআইডিৰ মুখ্য কাৰ্যালয়ত আইজিপি সুৰেন্দ্র কুমাৰ, ডিআইজি লাচিত বৰুৱা, এচএচপি বিবেকানন্দ দাস আৰু এচপি ৰাকেশ ৰেড্ডীয়ে এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীক লৈ চিআইডিৰ মুখ্য কাৰ্যালয়ত আইজিপি সুৰেন্দ্র কুমাৰৰ সংবাদমেল

উল্লেখ্য যে, সংখ্যালঘু ছাত্ৰবৃত্তিৰ ক্ষেত্ৰত সংঘটিত ব্যাপক কেলেংকাৰীৰ অভিযোগত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সঞ্চালক তথা এচিএচ বিষয়া মাহমুদ হাচানে চিআইডিত এজাহাৰ দাখিল কৰিছিল ৷ দুষ্ট চক্ৰই সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল বিষয়া গৰাকীয়ে । উক্ত এজাহাৰৰ ভিত্তিত চাৰিখন জিলাত অভিযান চলাই চিআইডিয়ে ২১ জন অভিযুক্তক আটক কৰে ৷

এই 21 গৰাকীৰ ভিতৰত দৰঙৰ পৰা ৭ জন, ধুবুৰীৰ পৰা ১জন, গোৱালপাৰাৰ পৰা ৭ জন আৰু কামৰূপৰ পৰা ৬ জনক আটক কৰা হৈছে ৷ ইয়াৰে দুগৰাকী মহিলা, 4 জন প্ৰধান শিক্ষক, 3 জন চিএচপি ৰ মালিক, 1 জন শিক্ষক, 2 জন ইন্সপেক্টৰ অফ স্কুলৰ ইডিপি আৰু 10 জন দালাল ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ে প্ৰতি বছৰে আৱন্টন দিয়ে এই বৃত্তিৰ ধন ৷ এই ছাত্ৰবৃত্তিক লৈ ৰাজ্যত প্ৰায় ১০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল ৷ দৰং, কামৰূপ, ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু কৰিমগঞ্জত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷

জানিব পৰা মতে, অনলাইন আবেদনৰ জৰিয়তে এই বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল ৷ চিআইডিয়ে সংবাদমেলত এই চাঞ্চল্যকৰ তথ্য উল্লেখ কৰে । চিআইডিয়ে জনোৱা অনুসৰি ৫০ শতাংশতকৈ অধিক নম্বৰ পোৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়েহে এই বৃত্তি লাভ কৰে ৷ আৰু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে আবেদন কৰিব লাগে ৷ প্ৰধান শিক্ষকে অনলাইনযোগে পৰীক্ষা কৰে এইসকল ছাত্ৰ-ছাত্ৰীৰ আবেদন ৷ দুখন জিলাত প্ৰধান শিক্ষকে অৱগত নোহোৱাকৈয়েই দুষ্ট চক্ৰই আত্মসাৎ কৰিছে ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ । এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক:JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.