ETV Bharat / state

Tribute to Nipon Goswami: বৰ্ণময় নিপন গোস্বামী শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন

অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি শিলপুখুৰীস্থিত দীপক সংঘৰ কালি মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা (Tribute to Nipon Goswami) ৷ স্মৃতিচাৰণ সভাতে উন্মোচন কৰা হয় 'বৰ্ণময় নিপন গোস্বামী' শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ ৷

author img

By

Published : Nov 8, 2022, 10:29 PM IST

Updated : Nov 8, 2022, 10:51 PM IST

Minister Bimal bora inaugurated nipon goswami book
বৰ্ণময় নিপন গোস্বামী নামৰ স্মৃতিগ্ৰন্থ উন্মোচন মন্ত্ৰী বিমল বৰাৰ

গুৱাহাটী, 8 নৱেম্বৰ: যোৱা 27 নৱেম্বৰত সাংস্কৃতিক জগত উকা কৰি স্বৰ্গগামী হোৱা অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মংগলবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত দীপক সংঘৰ কালি মন্দিৰৰ প্ৰাংগণত এখনি স্মৃতিচাৰণ সভা সম্পন্ন হয় (Tribute to Nipon Goswami) ৷

সাংস্কৃতিক সাংবাদিক সন্থা, অসম চলচ্চিত্ৰ সমাজ, অসম আৰু উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু ভিডিঅ কলা-কুশলী সন্থাৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, কলা-কুশলী, সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি ৷

উক্ত অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা সম্পাদিত ‘বৰ্ণময় নিপন গোস্বামী’ শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় (Memorial book titled Bornomoy Nipon Goswami released)৷ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ৷

স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি কয়,"অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰাসদৃশ নিপন গোস্বামীয়ে বিগত প্ৰায় ছটা দশকত শতাধিক চলচ্চিত্ৰ আৰু মঞ্চ, অনাতাঁৰ নাটত অভিনয় কৰি কেইবাটাও প্ৰজন্মক সন্মোহিত কৰি থৈ গৈছে (Pass away Veteran Actor Nipon Goswami) ৷ গোস্বামীদেৱৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ অজস্ৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ লগতে এগৰাকী সুশৃংখলিত, নিয়মানুৱৰ্তী তথা সময়ানুৱৰ্তী ব্যক্তি হিচাপেও গোস্বামীদেৱে আমাৰ নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ৷"

লগতে তেওঁ কয় যে এইগৰাকী মহাতাৰকাৰ স্মৃতিক আমি এতিয়া কেনেদৰে উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব পাৰো তাৰ বাবে সকলোৱে যৎপৰোনাস্তি কৰা উচিত ৷ এইক্ষেত্ৰত অসমৰ সাংস্কৃতিক বিভাগেও কৰিবলগীয়া বহুত আছে আৰু কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ৷

'বৰ্ণময় নিপন গোস্বামী' এইক্ষেত্ৰত মাইলৰ খুঁটি হৈ ৰ’ব’ বুলিও উল্লেখ কৰি মন্ত্ৰী বিমল বৰাই কয়, ‘চলচ্চিত্ৰ সমাজ, অসম’, ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু কলা-কুশলী সন্থা’ৰ সহযোগত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’’ৰ সম্পাদনাত প্ৰকাশিত এইখন গ্ৰন্থত সন্নিবিষ্ট প্ৰতিটো লেখাই উদ্বুদ্ধ কৰিব ৷"

উল্লেখ্য যে স্মৃতিচাৰণ সভeত উপস্থিত থকা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ শিল্পী দীনেশ দাস, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস প্ৰমুখ্য বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়ক: Funeral of Veteran Nipon Goswami: ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব নিপন গোস্বামীৰ শেষকৃত্য

Last Updated : Nov 8, 2022, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.