গুৱাহাটী, 15 নৱেম্বৰ : বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কে মুম্বাইত তিনিদিনীয়া দলীয় প্ৰশিক্ষণ শেষ কৰি উভতিছে অসমলৈ ৷ এয়া আছিল বিজেপিৰ সম্পূৰ্ণ নিজা দলীয় কাৰ্যসূচী ৷ এই তিনিদিনীয়া প্ৰশিক্ষণত অসমৰ সকলো বিজেপিৰ মন্ত্ৰী-বিধায়কক দলটোৰ আদৰ্শগত কেতবোৰ বিষয়ৰ জ্ঞান দিয়া হৈছিল ৷
কিন্তু মুম্বাইৰ এই প্ৰশিক্ষণৰ পিছত এইবাৰ অসম বিধানসভাও (Assam Assembly) সাজু হৈছে পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা সকলো বিধায়কক অৰ্থাৎ 126 গৰাকী বিধায়কক প্ৰশিক্ষণ দিবলৈ ৷ শাসক-বিৰোধী উভয় পক্ষৰে বিধায়কসকলক সংসদীয় নীতি নিয়ম সন্দৰ্ভত এই প্ৰশিক্ষণ দিয়া হ’ব ৷
![trainning camp of bjp leaders](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-mla-training-at-dispur-7206058_15112021111733_1511f_1636955253_1089.jpg)
সোমবাৰে ই টিভি ভাৰতক এই কথা জানিবলৈ দিছে অসম বিধানসভাৰ প্ৰধান সচিব (Principal Secretary Of Assam Assembly) জ্যেষ্ঠ আই এ এছ বিষয়া হেমেন দাসে ৷ প্ৰধান সচিব গৰাকীয়ে কয় যে, 27 নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ চৌহদত ৷
উল্লেখযোগ্য যে, সোমবাৰে পুৱাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary) আৰু প্ৰধান সচিব হেমেন দাস হিমাচল প্ৰদেশৰ চিমলা অভিমুখে ৰাওনা হৈছে ৷ চিমলাত অনুষ্ঠিত হ’বলগীয়া দেশৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু প্ৰধান সচিবসকলৰ এখন সন্মিলনত ভাগ ল’ব দুয়োৱে ৷ এই বৈঠকত লোকসভা আৰু ৰাজ্যসভাৰো প্ৰধান সচিব উপস্থিত থাকিব ৷
![trainning camp of bjp leaders](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-mla-training-at-dispur-7206058_15112021111733_1511f_1636955253_197.jpg)
আনহাতে, 27 নৱেম্বৰৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচীত বিধায়কসকলক প্ৰশিক্ষণ দিবলৈ ৰাজ্যৰ বাহিৰৰ পৰা কোনো সমল ব্যক্তি উপস্থিত থাকিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত দিল্লী যাত্ৰাৰ পূৰ্বে আজি হেমেন দাসে কয় যে, বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই ৷ অৱশ্যে চিমলাৰ সন্মিলনৰ পিছত এই বিষয়ত কোনো সিদ্ধান্ত লোৱা হব পাৰে ৷
লগতে চাওক : চাকৰিৰ নিযুক্তিত ব্যাপক দুৰ্নীতি হৈছে নেকি বিজেপিৰ দিনত ?