গুৱাহাটী,16 মে': গুৱাহাটীৰ যোৰপুখুৰীস্থিত সাধনা নিলয়মত দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয় দুৰ্যোগ প্ৰশমন প্ৰশিক্ষণ আৰু সজাগতা সভা(Training cum awareness programme on Disaster Management) । শ্ৰী সত্য সাই সেৱা সংগঠন অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৌজন্যত আৰু শ্ৰী সত্য সাই সেৱা সমিতি গুৱাহাটীৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এই সভাখন ।
পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে শ্ৰী সত্য সাই সেৱা সংগঠন ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সভাপতি সত্যেন শৰ্মাই । ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰে, ইলি চাংকাকটিয়ে । এই প্ৰশিক্ষণত ৩৩ গৰাকী মহিলা আৰু ৫৭ জন পুৰুষ মুঠ ৯০ গৰাকী প্ৰশিক্ষাৰ্থী যোগদান কৰে ।
অসামৰিক প্ৰতিৰক্ষা বিভাগ, কামৰূপ মহানগৰ গুৱাহাটীৰ পৰা ৫ জন বিষয়াৰ উপস্থিতিত এই দিনজোৰা প্ৰশিক্ষন কাৰ্যসূচী অতি সুন্দৰ আৰু সফলভাৱে সম্পাদন হয় । জৰুৰীকালীন দুৰ্ঘটনাৰ সময়ত প্ৰাথমিক নিৰাপত্তাৰ লগতে পৰিস্থিতি অনুযায়ী জৰুৰীকালীন সেৱা দিবলৈ বিভিন্ন পৰ্যায়ত কি কি বিষয় আৰু কাৰ্যৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ বিস্তৰ বাখ্যা সঁজুলিৰ সৈতে দাঙি ধৰে(Attempts to make people aware of disasters) ।
দুৰ্ঘটনা পূৰ্ণ পৰিস্থিতিৰ পৰা নিৰাপদ স্থানলৈ সম্পূৰ্ণ উচিত ব্যৱস্থাৰ মাজেৰে কেনেকৈ এজন ব্যক্তিক লৈ আনি জীৱন দান কৰিব পাৰি, এয়াই আছিল এই প্ৰশিক্ষণৰ মুখ্য বিষয় । অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ, প্ৰধান প্রাকৃতিক দুৰ্যোগবোৰ বানপানী, পাহাৰৰ খহনীয়া, ধুমুহা ইত্যাদি সভাত উপস্থিত ৰাইজক অৱগত কৰে উদ্যোক্তা তথা অতিথি সকলে ।
এই প্ৰশিক্ষণৰ মুখ্য উদ্দেশ্য হ’ল, প্ৰশিক্ষাৰ্থী সকলে যিকোনো দুৰ্যোগৰ সময়ত সমাজৰ এজন সচেতন নাগৰিক হিচাবে যিকোনো দুৰ্যোগপূৰ্ণ পৰিবেশ আৰু পৰিস্থিতিৰ সম্মুখীন হৈ এজন প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে থিয় দি কেনেকৈ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰতিহত কৰিব পাৰে । প্ৰশিক্ষণৰ শেষত সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
লগতে পঢ়ক: কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান সম্পন্ন