ETV Bharat / state

উদণ্ড চালকৰ বিৰুদ্ধে জালুকবাৰী যানবাহন আৰক্ষীৰ অভিযান

author img

By

Published : Mar 10, 2020, 1:32 PM IST

Updated : Mar 10, 2020, 1:49 PM IST

ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ব্যাপক উছাহ । উৎসৱৰ এই বতৰত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ।

traffic-operation-for-holi
মহানগৰীত উদণ্ড চালকৰ বিৰুদ্ধে জালুকবাৰী যানবাহন আৰক্ষীৰ অভিযান

গুৱাহাটী, 10 মাৰ্চঃ ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । উৎসৱৰ এই বতৰত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । গুৱাহাটীৰ ঠায়ে ঠায়ে আইন অমান্যকাৰী লোকৰ বিৰুদ্ধে অভিযান চলাইছে যানবাহন আৰক্ষীয়ে । জালুকবাৰী, মালিগাঁও, ভৰলুমুখ, উলুবাৰী আদি স্থানত যানবাহন আৰক্ষীয়ে চলাইছে এই অভিযান ।

জালুকবাৰী উৰণীয়া সেঁতুৰ তলত জালুকবাৰী যানবাহন আৰক্ষীয়ে আইন অমান্যকাৰী চালকসকলক জৰিমনা বিহিছে । ইফালে সকলোকে আইন মানি চলি উৎসৱ পালন কৰিবলৈ আহ্বান জনায় জালুকবাৰী যানবাহন আৰক্ষী চকীৰ ASI নুৰ মহম্মদ শইকীয়াই । উল্লেখযোগ্য যে, পূৰ্বৰ তুলনাত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি কিছু পৰিমাণে হ্ৰাস পাইছে বুলি উল্লেখ কৰে জালুকবাৰী যানবাহন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাই ।

লগতে পঢ়কঃহোলীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী

Last Updated : Mar 10, 2020, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.