ETV Bharat / state

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি - assam flood update

পুনৰ বানৰ কবলত পৰিছে ৰাজ্যৰ ২০ খনকৈ জিলা । নেৰানেপেৰা বৰষুণে প্লাবিত কৰিছে ন ন অঞ্চল । নিৰাপদ স্থানৰ সন্ধানত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি ।

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি
author img

By

Published : Jul 24, 2019, 11:13 PM IST

গুৱাহাটী,24জুলাইঃ চলিত মাহৰ প্ৰথমটো সপ্তাহৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ৩০ খনকৈ জিলা বানপানীৰ কবলত পৰিছিল । জুলাই মাহৰ মাজভাগত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ বৰষুণ আৰম্ভ হোৱাত আকৌ ২০ খনকৈ জিলা বানপানীৰ কবলত পৰিছে । বছৰৰ দ্বিতীয়টো বানপানীৰ কোবত সৰ্বশ্ৰ হেৰুৱাই বৰ্তমানেও আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি আছে হাজাৰ হাজাৰ লোক । কিছু সংখ্যক লোকে ঘৰমুৱা হৈছিল যদিও যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ বানে কাল ৰূপ ধৰাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰ্তমান ৰাজ্যৰ ২০খন জিলাৰ ৮৩টা ৰাজহ চক্ৰৰ ২,৯৩৩খন গাঁৱৰ ৩৪,৮২,১৭৯ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । ধেমাজি, বিশ্বনাথ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট আৰু কাছাৰ জিলাৰ বহু অঞ্চল পানীৰ তলত আছে ।

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি

ইপিনে যোৱা ২৪ ঘন্টাত ৰাজ্যত বানৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাত বছৰটোত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে । ইয়াৰে দুগৰাকী লোকৰ মৃত্যু ভূমিস্খলনৰ ফলত হৈছে ।

Intro:পুনৰ বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২০খনকৈ জিলা। নেৰানেপেৰা বৰষুণে প্লাবিত কৰিছে ন ন অঞ্চল। নিৰাপদ স্থানৰ সন্ধানত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি।

Body:চলিত মাহৰ প্ৰথমটো সপ্তাহৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ৩০খনকৈ জিলা বানপানীৰ কবলত পৰিছিল। জুলাই মাহৰ মাজৰ ভাগত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ বৰষুণ আৰম্ভ হোৱাত আকৌ ২০খনকৈ জিলা বানপানীৰ কবলত পৰিছে। বছৰৰ দ্বিতীয়টো বানপানীৰ কোবত সৰ্বস্ত হেৰুৱাই বৰ্তমানেও আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি আছে হাজাৰ হাজাৰ লোক। কিছু সংখ্যক লোকে ঘৰমুৱা হৈছিল যদিও যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ বানৰ সৃষ্টি হোৱাত বানাক্ৰান্ত ৰাইজে মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীৰ পৰা ৰক্ষা পাবলৈ ৰাইজ ওখ স্থানৰ সন্ধান বিচাৰি ফুৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে নৈ সমূহৰ জলস্থৰ বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান ৰাজ্যৰ ২০খন জিলাৰ ৮৩টা ৰাজহ চক্ৰৰ ২,৯৩৩খন গাঁৱৰ ৩৪,৮২,১৭৯ গৰাকী লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। ধেমাজি, বিশ্বনাথ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট আৰু কাছাৰ জিলাৰ বহু অঞ্চল পানীৰ তলত আছে।

Conclusion:যোৱা ২৪ ঘন্টাত ৰাজ্যত বানপানীৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাত বছৰটোত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫লৈ বৃদ্ধি পাইছে। দুগৰাকী লোকৰ মৃত্যু ভূমিস্খলনৰ ফলত হৈছে। বানপানীৰ ফলত উফন্দি উঠা ৰাজ্যৰ নৈ-উপনৈ সমূহ শান্ত হ'বলৈ ধৰিছিল যদিও পুনৰ বৰষুণৰ ফলত মহাবহু ব্ৰহ্মপুত্ৰ নৈ যোৰহাট, জীয়া ভৰালী নৈ শোণিতপুৰ, পুঠিমাৰি নৈ কামৰূপ, বাকী নৈ বৰপেটা গৌৰাংগ নৈ কোকৰাঝাৰ আৰু কুছিয়াৰ নৈ কৰিমগঞ্জ জিলাত বিপদ সীমাৰ ওপৰেৰে বৈছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.