ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - topten 11

11 বজাৰ শীৰ্ষ দহটা খবৰ

topten 11
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 11, 2020, 11:15 AM IST

বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত NDA য়ে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা

বুধবাৰে ঘোষণা কৰা বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত ফলাফল অনুসৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰ বিধানসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰে NDA য়ে ৷ আৰ.জে.ডি.য়ে ৭৫ খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে |

ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ

ত্ৰিপুৰাৰ মালিকছড়া অঞ্চলত একাংশ অসাধু লোকে গোপনে বহু বিঘা ভূমিত কৰা অবৈধ ভাং খেতিৰ কথা পোহৰলৈ অহাৰ পিচত মঙলবাৰে স্থানীয় প্ৰশাসনে উচ্ছেদ চলাই ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ জড়িয়তে লাভ কৰা খবৰৰ ভিত্তিত মানিকছড়া অঞ্চলত অবৈধ ভাং খেতিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই কেবাবিঘা মাটিত কৰা অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷

ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস

হাতীৰ উপদ্ৰৱত ত্ৰাহিমূসূধন সোঁৱৰিছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ স্থানীয় ৰাইজে ৷ খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে ভাঙি পেলালে চাহ বাগিছাৰ ১ নং শ্ৰমিক লাইনৰ নিৱাসী কালিচৰণ ৰহি দাস, সহদেৱ ভাৱি দাস আৰু মনিলা মিৰ্ধাৰ বাসগৃহ ৷

নিৰ্বাচনঃ ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট

বাক্সাৰ নিমুৱাত এক সংবাদমেল সম্বোধন কৰি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে ইউ পি পি এলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । সংবাদমেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক উত্তম কুমাৰ ৰয়ে সদৰি কৰে এই কথা ৷

বিহাৰ নিৰ্বাচন : এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে মঙলবাৰে মাজ নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল ৷ শাসনাধিষ্ঠত এনডিএয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাত পুনৰ শাসনৰ গাদীত বহিব দলটো ৷ যদিও নিৰ্বাচনৰ পৰৱৰ্তী সমীক্ষাতকৈ ফলাফল কিছু বেলেগ হৈছে, বহুতেই ভৱিষ্যদ্বাণী কৰিছিল যে কোনো দলেই সুস্পষ্টভাৱে সংখ্যা গৰিষ্ঠতা লাভ নকৰে আৰু বহুতেই মহাযোঁট বন্ধন জিকিব বুলিও ধাৰণা কৰিছিল ৷

আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

আমগুৰিৰ ঐতিহাসিক কিৰাই আলি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ | ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ চূড়ান্ত হেমাহিৰ বাবে পথটো নিৰ্মাণত অনিয়ম সংঘটিত হৈছে | শীঘ্ৰে পথটো সঠিকভাৱে নিৰ্মাণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে স্থানীয় লোক তথা দল সংগঠনে ৷

মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ

মৰাণ সমষ্টিৰ এখন গাঁৱলৈ ভাবুকি কঢ়িয়াইছে ডিমৌ নদীৰ গৰাখহনীয়াই | মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ প্ৰতিশ্ৰুতি দিওঁ ঠাইখনৰ কথা পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ স্থানীয় লোকে শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

ফিল'বাৰীৰ শিক্ষানুষ্ঠানলৈ অসম চৰকাৰৰ পঞ্চাশ লাখ

তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁঠনি আৰু শৈক্ষিক পৰিবেশ উন্নীত কৰণৰ বাবে চৰকাৰে আগবঢ়াইছে বিশেষ অৰ্থ সাহায্য ৷ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ভৱন উন্নয়নৰ বাবে বিছ লাখ টকা আগবঢ়োৱা হৈছে ।

দীৰ্ঘ বিৰতিৰ অন্তত পশ্চিম বংগত আজিৰে পৰা আৰম্ভ স্থানীয় ৰেল সেৱা

’ভিড অতিমাৰীৰ বাবে সাত মাহতকৈ অধিক সময়ৰ বিৰতিৰ অন্তত পূৱ ৰেলৱে(ER) আৰু দক্ষিণ পূৱ ৰেলৱে(SER)ৰ হাওৰা, শিয়ালদাহ আৰু খৰগপুৰ ডিভিজনত আজিৰ পৰা 696খন স্থানীয় ৰেল সেৱা আৰম্ভ হ’ব ৷

পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

আইপিএলৰ 13 তম সংস্কৰণৰ ফাইনেল মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে ইতিহাস ৰচি দিল্লী কেপিটেলচৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰি আইপিএল-13 ৰ খিতাপ নিজৰ নামত অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.