ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Apr 30, 2021, 7:06 PM IST

১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

দেশত ১ মে'ৰ পৰা তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব । এই কাৰ্যসূচীত ১৮ বছৰ উৰ্ধৰ লোকেও লাভ কৰিব পাৰিব প্ৰতিষেধক । কিন্তু অসমত প্ৰতিষেধকৰ নাটনিৰ বাবে ১৮ বছৰ উৰ্ধৰ লোকে ১ মে'ত ল'ব নোৱাৰিব প্ৰতিষেধক ।

পুনৰ আলফা(স্বা)ৰ দুই সদস্যৰ আত্মসমৰ্পন

পুনৰ আলফাৰ দুজন সদস্যই আত্মসমপৰ্ণ কৰিছে ৷ জীৱন মৰাণৰ পাছতে নাগালেণ্ডৰ ম'ন জিলাৰ চাংলাংচুত আছাম ৰাইফলছ ওচৰত আলফা(স্বা)ৰ সদস্যৰ দুজনে আত্মসমৰ্পন কৰিছে বুলি জানিব পৰা গৈছে ৷

আলফা নেতা জীৱন মৰাণক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

শুকুৰবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ 387/ ipc R/w Section 66D IT act আৰু 10B (ll)UA(p)act আৰু 66(F) (l)(A) IT act ৰ অধীনত 1197/২০১৯ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা লগতে ডিব্ৰুগড় ন্যায়িক দণ্ডাধিশ আদালতত হাজিৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ।

কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা খোৱাঙৰ এখন গাঁও

শুকুৰবাৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বুঢ়ীখোৱাং গাঁওখনক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে । 160 ঘৰ পৰিয়াল থকা গাঁওখনত শুকুৰবাৰৰ দিনটোত 25 গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগে লগে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ গাঁওখনৰ প্ৰৱেশ পথত বাঁহ বান্ধি দিয়াৰ লগতে প্ৰৱেশ নিষেধৰ বেনাৰ আঁৰি দিয়া হৈছে । গাঁওখনৰ ৰাইজৰ খাদ্য আৰু স্বাস্থ্যৰ সকলো ব্যৱস্থা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ল’ব বুলি খোৱাং স্বাস্থ্য কেন্দ্ৰৰ বিষয়াই জানিবলৈ দিয়ে ।

ভোটগণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন

২ মে' তাৰিখত হ’বলগীয়া ভোটগননাৰ বাবে সম্পূৰ্ণ সাজু শিৱসাগৰ জিলা প্ৰাশাসন ৷ ভোটগণনাত অংশগ্ৰহণ কৰা সকলো লোকৰে ৪৮ ঘণ্টাৰ আগত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে নিৰ্বাচন আয়োগে ৷

ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক
ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ এজন লিংকমেন আৰু এজন ডিএনএলএ কেডাৰক আটক ৷ লিংকমেনজনৰ পৰা খাজা বন্দুক আৰু এটা কাৰ্টুছ উদ্ধাৰ আৰক্ষীৰ ৷

বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

গোলাঘাট জিলাৰ মাজেৰে ডিমাপুৰৰ পৰা উত্তৰ অসম আৰু নামনি অসমলৈ দীৰ্ঘদিনৰ ধৰি ড্ৰাগছ সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৷ একেদৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষীৰ চকুত ধূলি দি চলি আহিছে ড্ৰাগছ ৰমৰমীয়া বেহা ।

কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ

কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ শুকুৰবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত ধৰা পৰিছে কৰ'ণা ভাইৰাচৰ উপস্থিতি ৷

ভোটগণনাৰ বাবে সাজু ৰঙিয়া প্ৰশাসন

৫৭ নং ৰঙিয়া আৰু ৫৬ নং কমলপুৰ সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈছে ৰঙিয়া মহকুমা প্ৰশাসন ৷ ৰঙিয়া সমষ্টিত ৮ গৰাকী আৰু কমলপুৰ সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ইভিএম মেচিনত ৷

ৰঙিয়াত পদপথ-নলা নিৰ্মাণৰ নামত ভেঁকোভাওনা

মৰণফান্দ সদৃশ হৈ পৰিছে ৰঙিয়া নগৰৰ পদপথ । পৌৰসভাই কামৰ দায়িত্ব দিয়া ঠিকাদাৰে পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে হাৰাশাস্তি ভূগিছে পথচাৰীয়ে । যোৱা ১০ ফেব্ৰুৱাৰীত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই SOPDৰ অধীনত পথটিৰ উন্নীতকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.