পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি-
ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন
2 মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাক লৈ সাজু হৈছে যোৰহাট জিলা প্ৰশাসন ৷ জিলাখনত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি মুঠ 51 টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷
আজমল বাসগৃহত মহাজোঁটৰ ইফতাৰ
আজমলৰ বাসগৃহত মহাজোঁটৰ ইফতাৰ কাৰ্যসূচী ৷ উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভুঞা ৷
নিৰ্বাচন ফলাফল ঘোষণা ক্ষেত্ৰত তেজপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ
2 মে'ত অনুষ্ঠিত হʼবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে বিজয় সমদল উলিওৱাৰ ক্ষেত্ৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত নিষাধাজ্ঞা আৰোপ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসক কণ্টেইনমেণ্ট জ’ন ঘোষণা
বৃহস্পতিবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয় ৷ ছাত্ৰী নিৱাসটোৰ চাৰিগৰাকীকৈ ছাত্ৰীৰ দেহত কৰ’ণাৰ অৱস্থিতি পোৱাৰ পাচতে এই সিদ্ধান্ত জিলা প্ৰশাসনৰ ৷
জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী
বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত থাকিব জীৱন মৰাণ ৷ জীৱন মৰাণৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত বিশেষ মন্তব্য প্ৰকাশ নকৰিলেও জীৱন মৰাণৰ ওপৰত থকা পূৰ্বৰ গোচৰৰ ক্ষেত্ৰত ল’ব লগা আইনী ব্যৱস্থাৰ এক ইংগিত দিলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।
চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ'ণাৰ আতংক
শেহতীয়াভাৱে পূৱ-বিলাসীপাৰাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে আতংকই বিৰাজ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ মাজত ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ পাঠদান 3 মে'লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷
দৰঙত নতুনকৈ ৮৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত
দৰঙত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ক'ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা ৮১৫ গৰাকীলৈ বৃদ্ধি পালে । সম্প্ৰতি জিলাখনত চিকিৎসাধীন হৈ আছে ৪৯৩ গৰাকী ক'ভিড আক্ৰান্ত । তাৰে ৭৪ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৪১৭ গৰাকী ঘৰত আছুতীয়াকৈ আছে বুলি জানিব পৰা গৈছে ।
মধ্যপ্ৰদেশত ৮৫ জনীয়া বন্ধুৰ এটা গ্ৰুপৰ আদৰণীয় পদক্ষেপ
মধ্যপ্ৰদেশৰ সাগৰ অঞ্চলৰ ৮৫ জনীয়া এটা গ্ৰুপে কৰ'ণা ৰোগীৰ বাবে যোগান ধৰিছে বিনামূলীয়া অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ । দলটোক সাধাৰণ বুন্দেলখণ্ডী শৈলীত "কো কা কে ৰাভ" নাম দিয়া হৈছে । তেওঁলোকে ৩ দিনৰ বাবে ক'ভিড ৰোগীসকলক বিনামূলীয়াকৈ যন্ত্ৰবোৰ প্ৰদান কৰি আছে আৰু তাৰ পিছত তেওঁলোকে ৬৫,০০০ টকাৰ পৰিৱৰ্তে ল'ব ১৫০০ টকাকৈ ।
পথৰ মাজতে কৰ'ণা আক্ৰান্তক চিকিৎসা প্ৰদান চিকিৎসকৰ
প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা । ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে ঠিকেই, কিন্তু চিকিৎসালয়ত বিচনাৰ অভাৱ । বেংগালুৰুৰ ৰাজপথত ক'ভিড ৰোগীৰ হাহাকাৰ । ৰাজপথৰ মাজতে ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে চিকিৎসকে ।
ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে
ক'ভিডৰ দ্বিতীয় ঢৌৰ ফলত যথেষ্ট পৰিমাণে সমস্যাৰ সন্মুখীন হৈছে ভাৰত । দেশখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্যখণ্ডত দেখা দিয়া অভাৱসমূহ পোহৰলৈ আহিছে এই কৰ'ণা মহামাৰীৰ সময়ত ।