ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 11, 2021, 3:01 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

top10
মুখ্য সংবাদ

1. মোৰ কোনো প্ৰতিদ্বন্দ্বি নাই: মনোনয়ন দাখিল কৰি মন্তব্য কমলাক্ষ দে' পুৰকায়স্তৰ

ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী ৰণলৈ সাজু ৰাজনৈতিক দলসমূহৰ লগতে টিকট লাভ কৰা প্ৰাৰ্থীসকল ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল সমাপ্ত হৈছে ৷ ইয়াৰ পিচতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

2. গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ

গুৰুতৰভাৱে অসুস্থ মৰিয়নি সমষ্টিৰ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ ৷ জানিব পৰা মতে,মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বাগৰি পৰিছিল অলক কুমাৰ ঘোষ ৷

3. চাপৰত দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে এআইইউডিএফ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে ২৭ নং পূৱ বিলাসীপাৰাৰ ৰাজনীতি । যোগ্য প্ৰাৰ্থীক টিকট প্ৰদান নকৰাত ক্ষোভিত দলৰ কৰ্মীসকল । বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীৰ পুত্তলিকা দাহ কৰিলে কৰ্মীসকলে ।

4. খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি পশ্চিম-বিলাসীপাৰাৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সংবাদ মেল ৷ সংবাদ মেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনোৱাজ হুছেইনে কয়, গৰিয়া মৰিয়া দেশীসকলৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিবোৰতো খিলঞ্জীয়াক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি আহিছে।

5. শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত শিৱসাগৰত বৰপুখুৰী খন্দাৰ লগতে তাৰ কাষত নিৰ্মাণ কৰিছিল শিৱ দ'ল ৷ ২৮৭ বছৰ অতিক্ৰম কৰা ঐতিহাসিক শিৱ দ'লৰ প্ৰাংগনত মহা শিৱৰাত্ৰি উপলক্ষে সমাগম হৈছে অগণন ভক্তৰ ৷ বিগত বছৰবোৰৰ দৰে এইবাৰো পুৰাতন ৰীতিৰে উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ।

6. সত্যৰঞ্জন বৰাৰ পোষ্টত বিতৰ্কিত মন্তব্য: আটক এজন যুৱক

সত্যৰঞ্জন বৰাৰ ফেচবুক পোষ্টত বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য দি বিপদত দৰঙৰ দলগাঁৱৰ এজন লোক ৷ আলফাজ আলী নামৰ লোকজনক আটক কৰিছে দলগাঁও আৰক্ষীয়ে ৷

7. কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ

আৰক্ষীৰ উপ মহাপৰিদৰ্শকৰ আকস্মিক পৰিদৰ্শনৰ সময়ত নিচাসক্ত অৱস্থাত ধৰা পৰিল এগৰাকী আৰক্ষী সহকাৰী উপ পৰিদৰ্শক ৷ নিচাসক্ত অৱস্থাত ধৰা পৰে আৰু লগে লগেই গ্ৰেপ্তাৰ আৰক্ষী বিষয়া গৰাকী ৷

8. আগ্ৰাত ট্ৰাক আৰু স্কপি'অৰ মুখামুখি সংঘৰ্ষত নিহত ৯

বৃহস্পতিবাৰে পুৱাই ইতমাদপুৰ অঞ্চলত এখন স্কৰপি'অ বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নজন লোক মৃত্যু হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

9. দিল্লীত মেট্ৰ' ৰে'লৰ পিলাৰ খহি শ্ৰমিকৰ মৃত্যু

দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰৰ সমীপত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । মেট্ৰ' ৰে'লৰ পিলাৰ খহি পৰাত কৰুণ মৃত্যুক সাৱতিলে এজন শ্ৰমিকে । গুৰুতৰভাৱে আহত হৈছে ৮ জন শ্ৰমিক ।

10. 4 লাখৰো অধিক ভিক্ষাৰীৰ বসতি ভাৰত: শীৰ্ষত পশ্চিমবংগ

ভাৰতত 4,13,670 গৰাকী ভিক্ষাৰীৰ বসতি ৷ 2,21,673 গৰাকী পুৰুষ ভিক্ষাৰী আৰু 1,91,997 গৰাকী মহিলা ভিক্ষাৰী থকা দেশখনত আটাইতকৈ বেছি ভিক্ষাৰী বসবাস কৰা ৰাজ্য হিচাপে চিহ্নিত হৈছে পশ্চিমবংগ ৷ চৰকাৰী তথ্য অনুসৰি পশ্চিমবংগ হৈছে মুঠ 81,244 ভিক্ষাৰীৰ বসতি ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.