ETV Bharat / state

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 29, 2020, 6:57 PM IST

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP10 AT 7 PM
TOP10 AT 7 PM

অক্টোবৰৰ পৰা আৰম্ভ হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম

মালিগাঁওবাসীৰ বাবে সুখবৰ ৷ কিয়নো দীৰ্ঘদিনীয়া যান যঁটৰ সমস্যা শীঘ্ৰেই সমাধান হোৱাৰ পথত । অক্টোবৰৰ প্ৰথম ভাগৰ পৰা কাম আৰম্ভ হ'ব মালিগাঁৱৰ নতুন উৰণীয়া সেঁতুৰ । নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ'ব 2.9 কিঃমিঃ ।

108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ

নগাঁৱৰ ম'হখুলিস্থিত চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতে প্ৰসুতিগৰাকীয়ে 108তে সন্তান প্ৰসৱ কৰে ৷ উল্লেখ্য যে সন্তান জন্ম দিয়াৰ সময়ত প্ৰসুতিগৰাকী ক’ভিড-19ত আক্ৰান্ত হৈ আছিল ৷

নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমতি প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ শক্তি বৃদ্ধি কৰাৰ বাবেই তিনিখনকৈ ৰাজ্যৰ মুখ্যালয়ত এই তিনিটা শাখা কাৰ্য্যালয় স্থাপনত অনুমতি প্ৰদান কৰা হৈছে ৷

মুখ্যমন্ত্ৰীৰ সভাৰ পিচতেই পূৱ বিলাসীপাৰাত অঘটন

পূৱ বিলাসীপাৰাৰ চাপৰ চাহ বাগিচাত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভা অনুষ্ঠিত হোৱাৰ পিচতেই নিশা চৈবাৰী চাহ বাগিচাত সংঘটিত হয় এক অঘটন ।

বিজেপিয়ে শংকাত ভুগি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা নাইঃ বিপিএফ

দৰং জিলা বিপিএফৰ উদ্যোগত মঙলদৈত 15নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী সমদল কৰি অতি কম সময়ৰ ভিতৰতে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু অসম চৰকাৰক আহ্বান জনায় ।

চৰকাৰৰ দ্বাৰা প্ৰতাৰণাৰ অভিযোগেৰে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ মানৱ শৃংখল

গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সুকীয়া জৰীপ আৰু উপগ্ৰহীয় স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত বৰপেটাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৷

ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

কোভিড-19 মহামাৰীৰ সৈতে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ মাজতে সন্মুখ সমৰত নিয়োজিত হৈছে দুখনকৈ দেশে ৷ ভয়াৱহ এই সংঘৰ্ষত দুয়োখন দেশে ৰকেট আৰু ভয়ংকৰ টোপ ব্যৱহাৰ কৰিছে আৰু মঙলবাৰলৈ মাত্ৰ দুদিনৰ ভিতৰত এই যুদ্ধৰ ফলত 98গৰাকী লোক নিহত হৈছে ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ বৈঠালাংছ'ৰ কাৰ্বি লাংপি প্ৰকল্পৰ বিদ্যুৎ উৎপাদন

অনিৰ্দিষ্ট কালৰ বাবে বিদ্যুৎ উৎপাদন বন্ধ হ'ল কাৰ্বিলাংপি জল বিদ্যুৎ প্ৰকল্পৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼৰ হাতীডুবিস্থিত "কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প"ত ভয়ানক পৰিস্থিতি ।

পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া

মঙলবাৰে পূৱ লাডাখত চীনৰ সৈতে থকা দীঘলীয়া সীমা সম্পৰ্কত এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদুৰীয়াই কয় যে, আমাৰ উত্তৰ সীমান্ত বৰ্তমান সুস্থিৰ নহয়, উদ্বেগজনক অৱস্থাত আছে ৷

কণীৰ বজাৰত জুইঃ এটা মাহত মূল্যবৃদ্ধি হ’ল পঞ্চাশ শতাংশ

বৰ্তমান প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাংলঙ্ঘী হৈ থকাৰ মাজতেই হঠাতে বাঢ়িছে কণীৰ মূল্যও। এমাহৰ ভিতৰতে কণীৰ মূল্য বৃদ্ধি হৈছে ৫০ শতাংশতকৈও অধিক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.