ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি - 5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Top10 at 5 pm
Top10 at 5 pm
author img

By

Published : Jul 12, 2022, 4:46 PM IST

Foreign cigarettes seized: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট জব্দ

অসমলৈ নিতৌ গোপনে সৰবৰাহ হৈ আছে বিলাতী চিগাৰেট (Smuggling of foreign Cigarette in Assam)। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতেই দুষ্ট চক্ৰই চলাই আছে এনে বেহা । ইয়াৰ মাজতেই গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট(Foreign cigarettes seized in Guwahati rail station)।

Load shedding in Assam: চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

অসহনীয় গৰমত সঘন লোডশ্বেডিঙত অতিষ্ঠ জনসাধাৰণ(Frequently load shedding in Assam)। গ্রামাঞ্চলত সঘনাই বিদ্যুতৰ লুকাভাকু । ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন । দৈনিক ৩০০-৪০০ মেগাৱাট পর্যন্ত বিদ্যুতৰ ঘাটি । ঘাটি জোৰা মাৰিবলৈ সঘন লোডশ্বেডিং । বিদ্যুতৰ চাহিদা পূৰণৰ বাবে আন ৰাজ্য আৰু কেন্দ্রীয় প্রকল্পসমূহৰ ওপৰতে নিৰ্ভৰশীল অসম ।

Vineet Bagaria suicide case : গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ

ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ লগত জড়িত বৈদুল্লা খানৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড'জাৰ (Eviction at Baidullah Khan residence)। প্ৰশাসনে ভাঙি পেলালে বৈদুল্লাৰ দুমহলীয়া অট্টালিকা । ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাত আছিল বাসগৃহটো । ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ আছিল বুলি জানিবলৈ দিছে প্ৰশাসনে । আনহাতে ঘৰটোৰ পৰাই বৈদুল্লা খানে বহু অপকৰ্ম চলাই গৈছিল বুলিও অভিযোগ উত্থাপন হৈছে । আৰক্ষী তথা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি স্থানীয় ৰাইজৰ ।

IED recovered in JK: জম্মু-কাশ্মীৰ পুলৱামাত IED উদ্ধাৰ

জম্মু-কাশ্মীৰত নিতৌ সন্ত্ৰাসবাদীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীক লক্ষ্য় কৰি বিভিন্ন ঠাইত বিষ্ফোৰক সামগ্ৰী স্থাপন কৰি আহিছে । ইয়াৰ মাজতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দক্ষিণ কাশ্মীৰৰ পুলৱামাত উদ্ধাৰ কৰে এটা আই ই ডি (IED recovered in Pulwama of South Kashmir)।

ATP Ranking : ২৫ বছৰত প্রথমবাৰৰ বাবে নাম বাদ পৰিল ৰজাৰ ফেডেৰাৰৰ

পেছাদাৰী টেনিছৰ ৰূপালী জয়ন্তী বৰ্ষতে প্রথমবাৰৰ বাবে এটিপি ৰেংকিং তালিকাত স্থানচ্যুত হয় ফেডেৰাৰ (Federer displaced first time in ATP rankings) । আঘাতৰ বাবে বিগত ৫২ সপ্তাহ কোর্টৰ বাহিৰতেই কটাবলগা হৈছে ছুইচ টেনিছ তাৰকাগৰাকী ।

Rapid increase of COVID-19 Cases in Tripura: ত্ৰিপুৰাত পুনৰ মাস্ক পৰিধান বাধ্যতামূলক

ত্ৰিপুৰাত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে (Rapid increase of COVID-19 Cases in Tripura)। যাৰ বাবে চৰকাৰে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্যখনত মাস্ক পুনৰ বাধ্যতামূলক কৰা হৈছে (Masks again compulsory in Tripura) ।

যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়াৰ উচ্ছেদ নচলিব : নিখিল ভাৰত কৃষক সভা-কৃষক মহাসভা

মঙলবাৰে প্ৰতিবাদত উত্তাল কলিয়াবৰ তিনিআলি ৷ কলিয়াবৰ দেওচুৰ আৰু হাতীমূৰা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল নিখিল ভাৰত কৃষক সভা আৰু কৃষক মহাসভা, অসমৰ নেতৃত্বত শতাধিক ৰাইজৰ (Nikhil Bharat Krishak Sabha protest at kaliabor)। লগতে যুগ-যুগ ধৰি বসবাস কৰা সেই অঞ্চলৰ খিলঞ্জীয়াক উচ্ছেদ নকৰিবলৈ এক প্ৰকাৰে প্ৰশাসনক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে মহকুমাধিপতিৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে (Memorandum issued against reserve forest at Kaliabor)৷ যদিহে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয়, তেন্তে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

First colorful image of Universe: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ৰঙীণ ফটো মুকলি

এতিয়ালৈ বিশ্বব্ৰহ্মাণ্ডৰ বহু ফটো লোৱা হৈছে । কিন্তু প্ৰথমবাৰলৈ নাছাৰ জেমছ ৱেব মহাকাশ দূৰবীক্ষণত বন্দী হৈছে ৰঙীণ আৰু অতি স্পষ্ট ফটো (First colorful image of Universe)। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে শ্বেয়াৰ কৰিছে বিশ্বব্ৰহ্মাণ্ডৰ ৰঙীণ ফটোখন ।

Unity among diversity: হৰিদ্বাৰৰ আৱালাপুৰ চিত্ৰিত হিন্দু-মুছলমানৰ ঐক্যতাৰ বান্ধোন

ধৰ্মৰ নামত যদিও দেশত একাংশৰ মাজত গোড়ামি আৰু শত্ৰুতা পৰিস্ফূট হৈ আহিছে, এনে সময়তে ভাৰতৰ এটা কোণত প্ৰতিফলিত হৈছে হিন্দু-মুছলমানৰ একতাৰ প্ৰতীক(Bond of Hindu-Muslim unity) । সকলো ধৰ্মৰ মানুহৰ পাৰস্পৰিক প্ৰেম পৰিস্ফূট হয় বিশেষকৈ তেওঁলোকৰ উৎসৱ-পাৰ্বনসমূহত ৷ তেনে এক আন্তৰিকতা দেখা গৈছে ধৰ্মনগৰী হৰিদ্বাৰত ৷ হৰিদ্বাৰত আৰম্ভ হ'বলগীয়া কুম্ভ মেলাৰ বাবে প্ৰায় 400 টা মুছলমান পৰিয়ালে শিৱৰ ভক্তসকলৰ বাবে চলাইছে প্ৰস্তুতি (Muslim families are preparing kanwar in haridwar) ।

Nagaon ADP college controversy: জামিন লাভৰ পাছতে বিতৰ্কিত অধ্যক্ষৰ বিস্ফোৰণ

ষড়যন্ত্ৰৰ বলি হৈছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী । যৌন নিৰ্যাতনৰ অভিযুক্ত অধ্যক্ষগৰাকীৰ চাঞ্চল্যকৰ মন্তব্য (ADP college principal reaction on sexual assault case)। জামিন লাভৰ পাছতে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.