ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

TOP10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 28, 2020, 3:03 PM IST

কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ ৷ আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে 50 হাজাৰ টকা উদ্ধাৰ কৰে যুৱকজনৰ পৰা ৷

মোৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ সম্পত্তি নাই : অনিল আম্বানী

অনিল আম্বানীয়ে তেওঁৰ সম্পত্তি তথা লেনদেন সম্পৰ্কত এই কথা স্পষ্ট কৰিছে যে ভাৰতবৰ্ষৰ বাহিৰত ব্যক্তিগতভাৱে তেওঁৰ কোনো ধন-সম্পত্তি নাই ৷

কৃষক নেতা অখিল গগৈৰ শুনানি আৰম্ভ...

আজিৰে পৰা আৰম্ভ হৈছে কৃষক নেতা অখিল গগৈৰ শুনানি ৷ কৃষক নেতাগৰাকীৰ হৈ শান্তনু বৰঠাকুৰে যুক্তি দৰ্শাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ বিগত সাত আগষ্টত নিয়াৰ আদালতে প্ৰত্যাখ্যান কৰিছিল কৃষক নেতাগৰাকীৰ জামিন আবেদন ৷

ঐতিহাসিক শিৱ দ’লত সৌৰ চাকি সংস্থাপনক লৈ প্ৰতিক্ৰিয়া

ঐতিহাসিক শিৱদ’লত বাজিছে মৃত্যু ঘণ্টা ৷ নীতি বহিৰ্ভূতভাৱে দ’লৰ চৌহদত সৌৰ শক্তি চালিত বিদ্যুত পৰিবাহী লাইট স্থাপন কৰাক লৈ এতিয়া চলিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷

জৰা ফুকাৰ নামত দুবছৰীয়া কনমানিক হত্যা ভেমপায়াৰৰ

প্ৰবীন আৰু তেখেতৰ পত্নীয়ে নিজৰ দুবছৰীয়া কন্যাক জৰা-ফুকাৰ বাবে ভেমপায়াৰৰ কাষলৈ লৈ যায় ৷ ইয়াৰ পিছতেই ভেমপায়াৰে শিশুটিক গছত বান্ধি কোবাবলৈ ধৰে ৷ লাঠিৰ কোবত শিশুটি লগে লগে মাটিত ঢলি পৰে আৰু ঘটনাস্থলীতেই মৃত্যু হয় দুবছৰীয়া কনমানিটোৰ ৷

তিনি মাহেও সম্পূৰ্ণ নহ'ল পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম

এতিয়াও ৰঙিয়াৰ প্ৰায় অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ আছে ৷ পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰে ৷

কৰিমগঞ্জত দুই পৰিয়ালৰ কাজিয়াত আহত 6 গৰাকীকৈ লোক

কৰিমগঞ্জত দুই পৰিয়ালৰ মাজৰ সংঘাতত আঘাতপ্ৰাপ্ত 6 গৰাকীকৈ লোক ৷ কৰিমগঞ্জৰ কাঠলতলী অঞ্চলৰ দুবাগ গাঁৱত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ৷ অভিযোগ অনুসৰি ড্ৰাগছৰ ধনৰ লেনদেন ক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হয় ৷ বাক বিতণ্ডাৰ পাছতে চোকা অস্ত্ৰৰে হোৱা আক্ৰমণত দুই হাতত গুৰুতৰভাৱে আহত চৌব্বিশ বছৰীয়া এগৰাকী যুৱতী ৷ আহতসকলক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷

মুকালমুৱাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ

মুকালুমৱাত আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰী উদ্ধাৰ ৷ উদ্ধাৰ কৰা সামগ্ৰীখিনি বাটা কোম্পানীৰ জোতা,চেণ্ডেল বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত ৷

ভাৰতত 60 লক্ষাধিক অতিক্ৰম কৰ'ণাৰ সংক্ৰমণ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি, ভাৰতত সোমবাৰলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 60,74,702 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্য়া 95,542 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷

আইপিএল 2020ঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় সন্দৰ্ভত ৰাহুলৰ প্ৰতিক্ৰিয়া

ৰাজস্থান ৰয়েলছে বৃহৎ 224 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিংছ ইলেভেন পাঞ্জাৱক ৷ এইয়া আইপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ ৰাণ ৷ ষ্টীভ স্মিথৰ দলে 4 উইকেটত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কিংছ ইলেভেনৰ হৈ মায়ংক অগৰৱালাই শতক অৰ্জন কৰাৰ পিছতো দলটোৱে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিবলগীয়া হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.