ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Dec 10, 2020, 8:59 AM IST

ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷

সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক

নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে জোনাইৰ এটা পকী পথৰ বিতুমিন চপৰা চপৰে এৰি যোৱাৰ অভিযোগ ৷ নিম্ন মানৰ পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন বিধায়ক ভূৱন পেগু ৷ নিজেই গৈ পথ পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে ৷

PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী

বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷

আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, 54 বিধ ৰোগৰ অস্ত্ৰোপচাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ চৰকাৰৰ নিৰ্দেশনা সন্দৰ্ভত অসন্তুষ্ট ইণ্ডিয়ান মেডিকেল সন্থা ৷

বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত

এ-এছ-০৯-ডি-১৫৫৫ নম্বৰৰ এখন পালচাৰ বাইকে ডাম্পাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ ইপিনে দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী জন গুৰুতৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷

SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঙলবাৰে নাকচ কৰে SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন । একেদৰে পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জীত কৃষ্ণ আৰু দ্বিবন ডেকাৰো জামিন আবেদন নাকচ হয় । সম্প্ৰতি আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে ।

নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সূঁতিত অবৈধ খনন

জিলা খনৰ চামগুৰিৰ বৰমাবিল গাঁৱৰ সমীপৰ এটা এলেকাত এজন ঠিকাদাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত কলংৰ মাটি খন্দাক কেন্দ্ৰ কৰি সম্প্ৰতিৰ ক্ষোভিত হৈ পৰে একাংশ স্থানীয় ৰাইজ । ঠিকাদাৰে জেচিবি, ট্ৰেক্টৰ আদিৰে অবৈধভাৱে মাটি খান্দি সেই মাটি ন্যূনতম ৫০০ টকা মূল্যৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে ।

চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

বিগত সময়চোৱাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বধীন বিজেপিৰ চৰকাৰে ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক ৫ টকাৰ এককালীন সাহায্যৰ আৰু শ্বহীদ স্মাৰক প্ৰদান কৰিছিল । তাৰ সমান্তৰলভাবে পৰৱৰ্তী সময়ত ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি সমগ্ৰ অসমজুৰি হোৱা আন্দোলনৰ সময়ত শ্বহীদ পৰিয়াল সকলে এই মানপত্ৰ চৰকাৰক ঘূৰাই দিছিল ।

ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে সংঘাত

বিটিচি নিৰ্বাচনৰ বাবে গৃহৰক্ষী জোৱানক ৮০০ আৰু অসম আৰক্ষীৰ জোৱান সকলক ১৫০০ টকা মাননী দিছে বাক্সা জিলাত। কিন্তু একেখিনি লোকক চিৰাঙত আহি ৬০০ আৰু ৮০০ টকা দিছে । সেয়ে আৰক্ষীয়ে আৰক্ষীয়েই আৰক্ষীৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে জোৱান সকলে ৷

লাহৰিজানত পিষ্টলসহ তিনি জাঁই সজীৱ গুলী জব্দ

অসম-নাগালেণ্ড সীমান্তত জব্দ পিষ্টলসহ তিনি জাঁই সজীৱ গুলী ৷ নাগালেণ্ডৰ তিনি যুৱকৰ পৰা এটা 7.65 পিষ্টল, এটা মেগজিন আৰু তিনি জাই সজীৱ গুলী উদ্ধাৰ কৰে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.