ষষ্ঠবাৰৰ বাবে নাকচ দিল্লী হিংসাৰ অভিযুক্ত মোঃ আনছাৰৰ জামিন আবেদন
একেৰাহে ষষ্ঠবাৰৰ বাবে নাকচ হ’ল দিল্লী হিংসাৰ অভিযুক্ত মুহাম্মদ আনছাৰৰ জামিন আবেদন ৷ আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা এটা স্বয়ংক্ৰিয় বন্দুক আৰু সজীৱ বোমা জব্দ কৰিছে আৰু সেয়েহে তেওঁক মুকলি কৰিব নোৱাৰি বুলি উল্লেখ কাৰকাৰডুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিনোদ যাদৱৰ ৷
অনুচ্ছেদ ৩৭০ বাতিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখতাৰ আব্বাছ নকভিৰ
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ মতে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ পথ প্ৰশস্ত হৈছে । জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকল এতিয়া উন্নয়নমূলক প্ৰক্ৰিয়াৰ অংশ ।
নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন
ভাৰতত বৰ্তমানলৈ 2,98,23,546 গৰাকী লোক ক’ৰণা (Covid 19)ত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,86,78,390 গৰাকীয়ে ৷ ইয়াৰে 3,3,85,137 গৰাকীৰ ক’ৰণা (Covid 19) মৃত্যু হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 7,60,019 টা ঘটনা ৷
ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
শনিবাৰে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পাছতে উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত ক'ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ পৰিৱেশ সংক্ৰান্তীয় দিশসমূহ অধ্যয়নৰ বাবে দিল্লীত অহা মাহত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাতো বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ লোকচানত চলি থকাৰ বাবে ব্যক্তিগতকৰণৰ কথা নাহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে অনাগত সময়ত মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
হানি ট্ৰেপিঙৰ চেষ্টা চলোৱা ভুৱা সেনা কৰায়ত্ত
এগৰাকী ভুৱা সেনাক হানি ট্ৰেপিঙৰ চেষ্টা কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI য়ে । দিল্লীৰ মোহন গাৰ্ডেনৰ বাসিন্দা দিলীপ কুমাৰ নামৰ ভুৱা সেনাজনক গ্ৰেপ্তাৰৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।
আই নৈৰ বান-খহনীয়া পৰিদৰ্শন চিৰাং প্ৰশাসনৰ
চিৰাঙৰ বিজনীৰ আই নৈৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ জিলা উপায়ুক্ত আৰু বিধায়কৰ । বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান ৷ বিজনীৰ মাজৰাবাৰী, খুজৰাবগুৰি, নোৱাপাৰাকে আদি কৰি কেবাটাও অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে জিলা উপায়ুক্ত আৰু বিজনীৰ বিধায়কগৰাকীয়ে ৷
নলবাৰীত আঁচনি ৰূপায়নৰ বুজ ল’লে অজন্তা নেওগে
নলবাৰীৰ নাট্যমন্দিৰত হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ ৷ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত গীতিমণি ফুকনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নলবাৰীত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ৷
বৰপেটাত নিৰ্মাণ হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ
ক'ভিডৰ এই জটিল সময়তে বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷ বৰপেটা জিলাত অতি কম সময়ৰ ভিতৰত নিৰ্মাণ হ'ব এখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ ৷ আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷
মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন
খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰ ৷ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীৰ ৷
ডিমা হাছাওত আৰম্ভ হ’ব "মেগা ভেকচিনেচন" প্ৰক্ৰিয়া
তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ডিমা হাছাও জিলাত ৷ জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন, স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ লগত মেগা প্ৰতিষেধকৰ কাৰ্যসূচীক লৈ এখন সভা অনুষ্ঠিত হয় ৷ তিনি দিনত 9000 লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য ৷