ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ...

9 বজাৰ শীৰ্ষ দহটা খবৰ...

top ten news at 9 am
top ten news at 9 am
author img

By

Published : Mar 4, 2021, 8:59 AM IST

অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই

অখিল গগৈৰ উপদেষ্টা পদৰ পৰা অব্যাহতি ল'লে ড৹ হীৰেন গোহাঁইয়ে ৷ পত্ৰৰ জৰিয়তে অখিল গগৈয়ে কৰা মন্তব্য তেওঁৰ চিন্তাৰ পৰিপন্থী বুলি উল্লেখ কৰে বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে ৷

তেজপুৰ অগপক দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে

বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটে তেজপুৰ সমষ্টিত এক নতুন ৰূপ ধাৰণ কৰিছে ৷ সমষ্টিচো অগপক এৰি দিলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে সমষ্টিটোৰ একাংশ বিজেপিৰ কৰ্মীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযোগৰ পাচতে বিজেপিৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে ৷ মঙলবাৰে এই দাবী কৰিছিল কংগ্ৰেছ দলে ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলে ৷

অখিল গগৈৰ পত্ৰ প্ৰেৰণৰ পাচতে জনীয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ

বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ৭ টাকৈ ৰাজনৈতিক দলৰ মাজত গঠন হোৱা মহাজোঁটৰ পৰা এ আই ইউ ডি এফক উলিয়াই দিলে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল চামিল হ'ব বুলি প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে।

গ্ৰীণউড ৰিজৰ্টত কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক

আজি চূড়ান্ত হোৱাৰ সম্ভাৱনা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা । পুৱা ১১ বজাৰ পৰা গুৱাহাটী গ্ৰীণউড ৰিজৰ্টত আৰম্ভ হৈছে বৈঠক ।

কংগ্ৰেছে চাহ শ্ৰমিকক ভোটৰ বেংক হিচাপে ব্যৱহাৰ কৰিছিল : সঞ্জয় কিষাণ

অসমৰ চাহ বাগিচাত পাত তুলি, চাহ শ্ৰমিকৰ দুখৰ সমভাগী হৈ ৰাজনীতি কৰিলে শোভা নাপায় । প্ৰিয়ংকাৰ অসম ভ্ৰমণ এদিনৰ পাচতে কংগ্ৰেছক লক্ষ্য কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ।

এটা সমষ্টিত এখনকৈ ৰেলী : মমতাৰ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য

মুঠ 294 টা সমষ্টিৰ প্ৰতিটোতেই নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ প্ৰায় 300 খনকৈ ৰাজহুৱা সভা আৰু ৰেলীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতাই ৷

ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী

ভাৰতৰ ওপৰত চীনৰ চাইবাৰ আক্ৰমণৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, চীনে ভাৰতক ভাবুকি দিবলৈ সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । যোৱা মাহত, দুয়োখন দেশে পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ প্ৰত্যাহাৰ কৰে ।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস আৰক্ষীৰ

জম্মু-কাশ্মীৰ আৰক্ষীয়ে বুধবাৰে অৱন্তীপুৰাত হিজবুল মুজাহিদিনৰ এটা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে । সন্ত্ৰাসবাদী শিবিৰটোৰ পৰা বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ ৷

আগন্তুক নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিব অনুষ্কা শৰ্মাই

ছ'চিয়েল মিডিয়া পোষ্টযোগে আগন্তুক নেটফ্লিক্স ছিৰিজৰ বিষয়ে ঘোষণা কৰিলে বলীউড অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মাই । শীঘ্ৰেই দৰ্শকে উপভোগ কৰিব পাৰিব নেটফ্লিক্স ছিৰিজ 'মাই' ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.