কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী
সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ইয়াৰ মাজতে জিলাখনৰ অসম-পশ্চিম বংগ সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ গাঞ্জা ৷ লগতে আৰক্ষীৰ গুলীত আহত হৈছে দুই গাঞ্জা সৰবৰাহকাৰী ৷
অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা
এগৰাকী ৰহিঙীয়া মহিলা, বাংলাদেশৰ আশ্ৰয় শিবিৰৰ পৰা ত্ৰিপুৰা হৈ অসমৰ কৰিমগঞ্জত প্ৰৱেশ কৰি কাৰাৰুদ্ধ হৈছিল মহিলাগৰাকী ৷ শুকুৰবাৰে অসম তথা ভাৰতৰ মাটিত এটা সন্তান জন্ম দি এতিয়া চৰ্চাত আছে মহিলা গৰাকী তথা সন্তানটি ৷
লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাননী জাৰি কৰাৰ পাচতে আয়োগৰ কাষ চাপিছে পাঁচ গৰাকী বিষয়া ৷ অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল ।
দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ কিছু সালসলনি ঘটাইছে ৷ শিক্ষা বিভাগ (Education Deparment)ৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুক (Ranoj Pegu) অতিৰিক্তভাৱে ভৈয়াম জনজাতি উন্নয়ন বিভাগ (Deparment for welfare of plains tribes and backward classes) আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক অতিৰিক্তভাৱে বড়োলেণ্ড উন্নয়ন বিভাগ (Bodoland developmet Council) ৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷
মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ
ছৈয়দ আলী মুঞ্চিয়ে বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি ঘটনাৰ বুজ লৈছিল ।
ক’ত উদ্ধাৰ হ’ল বাণ্ডিলে বাণ্ডিলে টকা !
আৰক্ষীৰ অভিযানত উদ্ধাৰ নগদ ধনৰ টোপোলা ৷ বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হোৱা টকা দেখি কঠোৰ তদন্ত আৰক্ষীৰ ৷ সান্ধ্য আইনৰ সুযোগ লৈছে এচাম দুৰ্বৃত্তই ৷ ৰাজ্যৰ ক’ত, কেনেদৰে ওলাল এই টকাৰ বাণ্ডিল ?
মুখ্যমন্ত্ৰীৰ সহায়ৰ পাচতে আনন্দৰ বন্যা ডিব্ৰুগড়ৰ এটি পৰিয়ালত
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা সহাৰিৰ পাচতে এতিয়া মুখত হাঁহি বিৰিঙিছে নামতি খৰাগড়ৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ । বুলু আহমেদ নামৰ ব্যক্তিজনৰ যোৱা দুটা মাহৰ পূৰ্বে বিকল হৈ পৰিছিল দুয়োটা বৃক্ক । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College, Dibrugarh)ত চিকিৎসা চলি আছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে । কিন্তু অতি দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাছিল উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ধন ।
চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী
কাৰ্বি আংলং জিলাৰ লোকসকলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথৰ ভূমি আৱণ্টনৰ সঠিক ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ ছাত্র সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকা(USUKA)ই । ভূমি আৰু ৰাজহ বিভাগ( land and revenue department)ৰ একাংশ কর্মচাৰীৰ বিৰুদ্ধেও ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত বাধা সৃষ্টিৰ অভিযোগ ৷
ৰূপহীহাটত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা
মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰূপহীহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
ক’ভিড ৰোগীলৈ সহায়ৰ হাত Assam Riffles ৰ
ক'ভিড ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল Assam Riffles ৷ চৰাইদেউৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত অসম ৰাইফলছৰ জোৱানসকলে আগবঢ়ালে ক'ভিড চিকিৎসাৰ বহু প্ৰয়োজনীয় সা-সামগ্ৰী ৷