ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 3 pm

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 3 pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Apr 10, 2021, 3:02 PM IST

তিনিটা সমষ্টিত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিটা বিধানসভা সমষ্টিত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে । হাফলং, সোনাই আৰু ৰাতাবাৰী সমষ্টিৰ চাৰিটা কেন্দ্ৰত ২০ এপ্ৰিলত অনুষ্ঠিত হ'ব পুনৰ ভোটগ্ৰহণ ।

অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ আছে অসমৰ ১৭ গৰাকীকৈ কিশোৰ আৰু যুৱক ৷ প্ৰদেশখনৰ আপাৰ চিয়াং জিলাৰ পাছিঘাটত আৱদ্ধ হৈ আছে লোককেইজন ৷ কামৰ তাগিদাত অৰুণাচললৈ গৈছিল লোককেইজনে ৷

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বজালীৰ ভাৰেগাঁৱৰ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হৈয়ে শ্বহীদ দাসৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ

২০১৯ চনৰ ভয়াবহ বানৰ সময়ত বন বিভাগে আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ তিনিটা পোৱালীক উদ্ধাৰ কৰি পাণবাৰীৰ সংৰক্ষণ কেন্দ্ৰত প্ৰতিপাল কৰি ৰাখিছিল । গঁড় তিনিটাৰ দুটা মাইকী আৰু এটা মতা ।

কৰ্কট ৰোগীৰ সৈতে বিহু উদযাপন বৰষাৰাণী বিষয়াৰ

ডিব্ৰুগড়ত কৰ্কট ৰোগীৰ সৈতে মনৰ ভাৱ আদান-প্ৰদান অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ৷ ৰোগীসকলৰ সৈতে আগতীয়াকৈ বিহু উদযাপন কৰিলে জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ৷

চতুৰ্থ পৰ্যায়ত ভয়ংকৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী

উত্তৰ বংগৰ কোচবিহাৰৰ মাথাবাহংগাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, উক্ত অঞ্চলৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত কুৰিৰো অধিক লোক আহত আৰু নিহত হয় ৷

মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লক ডাউন ঘোষণাৰ পৰামৰ্শ

কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে মহাৰাষ্ট্ৰত ৰে'ল চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ ইয়াৰ পিছতে ৰাজহুৱা স্থানত ভীৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে সাহায্য আৰু পুনসংস্থাপন মন্ত্ৰী বিজয় ৱাডেট্টিৱাৰে ৷

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক

ক'ভিড-১৯ ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি আৰু দেশত প্ৰতিষেধকৰ অভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব । দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও উপস্থিত থাকিব এই বৈঠকত ।

গাজিয়াবাদত কৃষকৰ ঘাইপথ অৱৰোধ

বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে কেএমপি এক্সপ্ৰেছ পথ অৱৰোধ কৰিলে সংযুক্ত কিষাণ মৰ্চাৰ নেতাসকলে । এই কাৰ্যসূচীত কৃষক নেতা ধৰ্মেন্দ্ৰ মালিক, জগতাৰ সিং বাজৱাসহ কেইবাগৰাকীও কৃষক নেতা উপস্থিত থাকে ।

আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা

বিশ্বনাথৰ গহপুৰৰ ঘাহিগাঁৱত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰাসহ জব্দ ট্ৰাক । শোণিতপুৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু বিশ্বনাথ মহকুমাৰ আৱকাৰী উপ পৰিদৰ্শকৰ নেতৃত্বত এটা দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.