ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 3, 2021, 11:02 AM IST

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব লাগে : শ্বেৰমান আলী

‘সাম্প্ৰদায়িক মন্তব্য দিয়া বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ’ব লাগে’ ৷ পাণবজাৰ আৰক্ষী থানাৰ পৰা এমএমচিএইচলৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে ৷

গ্ৰেপ্তাৰ কৰা হ’ল শ্বেৰমান আলীক

গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন সকলক ঘাতক আখ্যা দি অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী ৷

36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা প্ৰাক্তন ডিএইচডি সদস্যৰ

36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ । 5 অক্টোবৰৰ পুৱা 5 বজাৰ পৰা 6 অক্টোবৰৰ বিয়লি 5 বজালৈ ডিমা হাছাও জিলাৰ বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডিএইচডি সদস্য সকলে ।

আইডল কাণ্ডৰ অভিযুক্ত ড৹ কন্দৰ্প দাসে নিদিলে জাননীৰ উত্তৰ

আইডৰ কেলংকাৰীত দোষী সাব্যস্ত হোৱা ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পৰৱৰ্তী বৈঠকত ল'ব চূড়ান্ত সিদ্ধান্ত ৷ ড৹ কন্দৰ্প দাসক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফয়ৎ বিচাৰি দহ দিনৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰা হৈছিল ৷ যোৱা 30 ছেপ্তেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায় ৷ কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতো ড৹ কন্দৰ্প দাসে জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ৷

যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব: শ্বেৰমান আলীক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ সন্দৰ্ভত টেলিফোনিক মন্তব্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব বুলি কিয় ক’লে ভূপেন বৰাই ? সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ চিৰাঙত

চিৰাঙৰ বেংতল বন বিভাগৰ কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ ৷ সকলোকে ৫০ হেজাৰ টকাৰ লগতে সংস্থাপনৰ আশ্বাস বিটিআৰৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ।

উপ-নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক আকোৱালি ল'ব: ৰণজিৎ কুমাৰ দাস

উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত হোৱা মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি ৷ পূৰ্বতেও এনে মিত্ৰতা আছিল আৰু নিৰ্বাচনৰ পূৰ্বে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চাৰ কথা ওলায় ৷ এনেবোৰ মিত্ৰতাক বিজেপিয়ে কেৰেপ নকৰে ৷ বৰপেটাত এই মন্তব্য কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

একালৰ শান্তিপূৰ্ণ অৰুণাচল এতিয়া অশান্ত অঞ্চল

এসময়ত শান্তিপূৰ্ণ ৰাজ্য হিচাবে পৰিচিত অৰুণাচল প্ৰদেশৰ তিনি খন জিলাক পুনৰ অশান্ত অঞ্চল হিচাৱে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । এই‌ কথাই স্বাভাৱিকতে ৰাজ্যখনৰ পৰ্যটন আৰু ‌‌আন আন‌ খণ্ডক প্ৰভাৱিত কৰিছে ।

উত্তৰ প্ৰদেশ চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্বত কংগনা

উত্তৰ প্ৰদেশ চৰকাৰে অভিনেত্ৰী কংগনা ৰাণাৱটক তেওঁলোকৰ উচ্চাকাংক্ষী 'এক জিলা এক সামগ্ৰী' কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নামাকৰণ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.