অৰুণাচলত অইলৰ দুগৰাকী বিষয়াক অপহৰণ অস্ত্ৰধাৰী দলৰ
এটা পোন্ধৰ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক ৷ অৰুণাচলৰ ডায়ুনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ ডায়ুনৰ খুমচাই খা অঞ্চলত তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ আছিল বিষয়া দুগৰাকী ৷ অপহৃত বিষয়া দুগৰাকী পি কে গগৈ আৰু ৰাম কুমাৰ বুলি জানিব পৰা গৈছে ৷
ডিমা হাছাওত 13 কোটি টকীয়া প্ৰজেক্টৰ কাম আধাতে সামৰিলে!
ডিমা হাছাও জিলাত পিএমজিএচৱাই প্ৰকল্পৰ অধীনত পথ আৰু দুখন দলং নিৰ্মাণৰ কাম আধাতে এৰি দিলে । পিএমজিএচৱাই প্ৰকল্পৰ অধীনত AS 18-054 পেকেজৰ 4.621 কিলোমিটাৰ পথ আৰু দিয়ুং নৈৰ ওপৰত দুখন আৰ চি চি দলং নিৰ্মাণ কৰাৰ বাবে 13 কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছিল ৷ কিন্তু এই প্ৰকল্পৰ কাম এতিয়ালৈকে 40 শতাংশই সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।
পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ
জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDP ৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে ৷
বৰপেটাত ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু
বৰপেটাৰ হাউলীত চাঞ্চল্যকৰ ঘটনা । ভাড়াতীয়াৰ দ্বাৰা অপহৃত দহ বছৰীয়া এটি শিশু উদ্ধাৰ ৷ অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা শিশুটোৰ নাম মুজাহিদ হুছেইন । হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গুলজাৰ আৰু মামনি বেগম নামৰ দম্পতিহালে হাত ভৰি বান্ধি নিজ কোঠাত আবদ্ধ কৰি ৰাখিছিল শিশুটিক ৷
জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন: জম্মু-কাশ্মীৰৰ প্ৰথমটো গণতান্ত্ৰিক অনুশীলন
পূৰ্বৰ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যদা ভংগ কৰি দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰাৰ পিচতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় প্ৰথমটো গণতান্ত্ৰিক অনুশীলন ৷ কোভিডৰ মাজতেই জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন, বিগত 28 নৱেম্বৰত ঘোষণা কৰা হয় ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল কৰা হৈছে ৷ কিন্তু মাঘ বিহুত এসপ্তাহৰ বাবে বন্ধ থাকিব বিশ্ববিদ্যালয় ৷ এই কথা প্ৰকাশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷
অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ আহিল 64 গৰাকী বিদ্ৰোহী
অসমত আজিলৈ 2,259 গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত এনডিএফবিৰ 1,615 গৰাকী কেডাৰৰ লগতে এনএলএফবিৰ 301 গৰাকী, এডিএফৰ 178 গৰাকী, এনএছএলৰ 78 গৰাকী আৰু অন্যান্য 8টা সংগঠনৰ মুঠ 644 গৰাকী কেডাৰে আত্মসমৰ্পণ কৰিছিল ৷
চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা: আহত দুজন
চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা ৷ ডাম্পাৰ আৰু পাঞ্জাৱ বডি ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ গুৰুতৰভাৱে আহত হয় ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন ৷
মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত বৰাক প্ৰতিবাদ
মণিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত পুনৰ সদৌ অসম মণিপুৰী যুৱ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ স্থলীৰ পৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনাই স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছে বুলি সদৰি কৰে সংগঠনটোৰ নেতৃত্বই ৷
গৌৰীসাগৰত পুৱাই সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা
শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ চাৰিং কেঁকুৰিত পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা । লেপেটকটাৰ পৰা দিল্লী অভিমুখে আহি থকা KA-01AJ-1733 নম্বৰৰ এখন ট্ৰাক হঠাৎ বাগৰি পৰে পথৰ দাঁতি ৰখাই থোৱা এখন ৱেগনাৰৰ গাড়ীৰ ওপৰত ৷