ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 15, 2021, 1:06 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি

top ten news at 1 pm
এক বজাৰ শীৰ্ষ দহটা বাতৰি

এক বজাৰ শীৰ্ষ দহটা বাতৰি

বিজয়া দশমীক লৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

দেশত আয়োজন কৰা হৈছে বিজয়া দশমী । বিভিন্ন প্ৰান্তত পৃথক পদ্ধতিৰে আয়োজন কৰা এই বিশেষ দিনটোত দেশবাসীক শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ জন্ম জয়ন্তী(Birth Anniversary) ৷ গুৰুজনাৰ জন্ম জয়ন্তী (Sankardev Janmotsav) উপলক্ষে প্ৰদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷

দিনজোৰা কাৰ্যসূচীৰে বৰপেটা সত্ৰত পালন কৰা হ’ব মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ(Sankardev Janmotsav) উপলক্ষে বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচী ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা(Barpeta Satra)ৰ চৌপাশ ৷ নাম-প্ৰসংগৰে পাচতে এক ভাগৱত শোভাযাত্ৰাও উলিয়াব ভকত-বৈষ্ণৱসকলে ৷

সামাজিক মাধ্যমৰ জৰিয়তে সদস্য ভৰ্তিৰ বাবে চেষ্টা চলাইছে আলফাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তেই নতুন সদস্য যোগদানৰ বাবে যো-জা চলাইছে শসস্ত্ৰ সংগঠনটোৱে ৷ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক সংগঠনটোত ভৰ্তি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আলফাই ৷

২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ

দ্ৰুতগতিত চলিছে আযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱাটো বিচাৰিছে বিজেপি চৰকাৰে । কিয়নো ৰাম মন্দিৰ আগন্তুক নিৰ্বাচনত বিশেষ ফেক্টৰ হ'ব বিজেপিৰ বাবে ।

ৰাজ্যত একেদিনাই ক’ভিড আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি

ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত মাত্র ১৩,৫৪৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰে ২০৭ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰে দুজন লোকে ক'ভিডত প্ৰাণ হেৰুৱাই। ক'ভিড টেষ্টৰ সংখ্যা বৃদ্ধি হ'লে আক্ৰান্তৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

বিজয়া দশমীৰ দিনাই ৰঙিয়াত পিষ্টল-ড্ৰাগছসহ আটক এজন

বিজয়া দশমী(Vijaya Dashami)ৰ দিনা পুৱাই এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী(Rangia Police)য়ে আটক কৰিলে পিষ্টল আৰু ড্ৰাগছসহ এজনক ৷ ৰঙিয়াৰ স্বস্তী হাস্পতালৰ সন্মুখত জীয়াউল হক নামৰ অভিযুক্তজনক আটক কৰে আৰক্ষীয়ে ৷ এখন হিৰ’ হোণ্ডা মটৰ চাইকেলত জব্দকৃত সামগ্ৰীখিনি লুকাই আনিছিল জীয়াউলে ৷

Indian Air Force ৰ শক্তি বৃদ্ধিৰ বাবে আহি পালে Rafale fighter aircraft

আকাশ মাৰ্গত ভাৰতৰ সামৰিক শক্তি বৃদ্ধি কৰি ফ্ৰান্সৰ পৰা আহি গুজৰাটৰ জামনগৰ এয়াৰবেচত উপস্থিত হ’ল তিনিখনকৈ ৰাফেল যুঁজাৰু বিমান ৷

সিংঘু সীমান্তত নৃশংস হত্যাকাণ্ড

সিংঘু সীমান্তত থকা কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । আৰক্ষীৰ বেৰিকেডৰ ওপৰত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ।

বাংলাদেশত হিন্দু মন্দিৰত আক্ৰমণ : তিনিজন নিহত

দুৰ্গা পূজা উদযাপনত সকলো ব্যস্ত থকাৰ মাজতে বিপদত বাংলাদেশৰ হিন্দু ধৰ্মাৱলম্বী লোক ৷ দেশখনৰ হিন্দু মন্দিৰসমূহত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ৷ আক্ৰমণৰ ফলত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে বহুলোক আঘাতপ্ৰাপ্ত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 22 খনকৈ জিলাত অৰ্ধসামৰিক বাহিনী মোতায়েন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.