ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - Cricketer Yuvraj Singh

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 7, 2021, 1:08 PM IST

তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পন

তামুলপুৰত বুধবাৰে সন্ধিয়া অস্ত্ৰসহ 44 টাকৈ চোৰাং চিকাৰী(Poacher)ৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পন(Surrender) ৷ তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা অহা চোৰাং চিকাৰীকেইটাই বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ মহকুমা আৰক্ষী বিষয়াসহ বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পন কৰে ৷

মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

পশ্চিমবংগৰ উপ-নিৰ্বাচনত শেহতীয়াকৈ নিৰ্বাচিত হোৱা তিনিগৰাকী বিধায়কে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব । ৰাজ্যপালৰ উপস্থিতিত শপত ল'ব মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে ।

কেবিনেটৰ সিদ্ধান্ত : ২০২২ ত চৰকাৰী বন্ধ হ'ব ৩৪ দিন

২০২২ বৰ্ষত সৰ্বমুঠ চৰকাৰী বন্ধৰ দিন হ'ব ৩৪ দিন । বুধবাৰে নিশা জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই ।

উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি

উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় দিছে বহু নেতা আৰু দল সংগঠনে । ইফালে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।

নাগপুৰৰ ‘বাহুবলী ফুচকা’ৰ নাম শুনিছেনে ?

নাগপুৰৰ এবিধ বিশেষ ফুচকা(Fuska), যি ফুচকা দেখিলে আপুনিও ক’ব ইয়াৰ আকৃতিৰ কথা ৷ এইবিধ ফুচকা দেশৰ ভিতৰত আটাইতকৈ বৃহৎ ফুচকা বুলি একাংশৰ মাজত প্ৰচলিত ৷

পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ

‘‘অসমৰ জাতি-মাটি, কৃষ্টি-সংস্কৃতি আগ্ৰাসনৰ সুযোগ দিয়া দলে সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ক সমালোচনা কৰাতো হাস্যকৰ । সুশান্ত বুঢ়াগোহাঁই বৰ্তমান উন্নয়নৰ পক্ষলৈ আহিছে । বছৰ বছৰ ধৰি অসমত শাসন কৰি মিঞাক ৰঙা দলিচা পাৰি দি ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ডকে আদি কৰি সকলো সুবিধা প্ৰদান কৰা কংগ্ৰেছে তেওঁক বিশ্বাসঘাটক বুলি কোৱাতো অতিকৈ হাস্যকৰ ’’ ।

নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ

বৃহস্পতিবাৰে উমৰাংচুৰ লংকুত উপস্থিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) ৷ নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্প(Lower Kapili Hydroelectric Poject)ৰ ভূমি পূজন(Bhumi Pujan)ত ভাগ ল’ব বিত্তমন্ত্ৰীগৰাকীয়ে ৷

উত্তৰ প্ৰদেশৰ খেৰী কাণ্ডৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ

অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰা হয় । গুৱাহাটী মহানগৰীৰ গুৱাহাটী ৰটাৰী পইন্টত বিকল্প ব্যৱস্থা অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত সকলক ক্ষতিপূৰণ তথা পুণৰ সংস্থাপনৰ দাবীৰ লগতে উত্তৰ প্ৰদেশৰ কৃষক হত্যাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্য এগৰাকী জ্যেষ্ঠ বাওঁপন্থী নেতা হেমেন দাসে ৷

দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব জ' বাইডেন আৰু ঝি জিনপিং

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে শেহতীয়াকৈ ফোনযোগে বিভিন্ন বিষয়ত আলোচনা কৰিছে । এইবাৰ চলিত বৰ্ষৰ শেষৰ ফালে বৈঠকত মিলিত হোৱাৰ পৰিকল্পনা কৰিছে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে ।

আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰ যুৱৰাজ সিং

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সন্মুখত আন এক প্ৰত্যাহ্বান । আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে যুৱৰাজ সিঙক । আদালতে দিছে এই নিৰ্দেশনা । কিহৰ বাবে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশনা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.