ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Aug 6, 2021, 1:07 PM IST

টকিঅ' অলিম্পিক: দুৰ্দান্ত প্ৰদৰ্শনেৰে 4-3 গ’লত থমকিল ভাৰতীয় মহিলা হকী দল

ব্ৰঞ্জ দখলৰ পৰা বিমুখ ভাৰতীয় মহিলা হকী দল ৷ 3-4 ব্যৱধানত গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাজিত হয় ভাৰতীয় দলটো ৷ অৱশ্যে আৰ্জেণ্টিনাৰ বিৰুদ্ধে শেষৰখন খেলত ইতিমধ্যে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিক প্ৰদৰ্শনৰ ৰেকৰ্ড ৰাখিবলৈ সক্ষম হৈছে মহিলা হকীৰ দলটো ৷

17 টা সফল ছিজনৰ অন্তত বাৰ্চিলোনাৰে বিচ্ছিন্ন মেছি

বাৰ্চিলোনাৰ সৈতে আৰু দেখা নাযাব লিঅ'নেল মেছিক ৷ বিত্তীয় সমস্যাৰ বাবে মেছিক ক্লাবত ৰাখিবলৈ অপাৰগ হৈছে বাৰ্চিলোনা ক্লাব ৷ অৱশেষত 17 টা সফল ছিজনৰ পাচত বাৰ্চিলোনা ক্লাব ত্যাগ কৰিব লিঅ'নেল মেছিয়ে ৷ বিগত 30 জুনত সমাপ্ত হৈছে ক্লাবৰ সৈতে মেছিৰ চুক্তিৰ অন্তিম ম্যাদ ৷

উগ্ৰপন্থীক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ বিপ্লৱ দেৱৰ

উগ্ৰপন্থীৰ বাবে ত্ৰিপুৰাত এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ উগ্ৰপন্থীৰ আক্ৰমণত BSF জোৱানৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷ পূৰ্বতে ত্ৰিপুৰাত বিদ্ৰোহী আন্দোলন আছিল যদিও বৰ্তমান সকলো পৰিস্থিতি নিয়ন্ত্ৰণত বুলি মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ ৷

প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ

নতুনকৈ হ'ব লগা টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ ৷ সৰ্বশিক্ষাত কৰ্মৰত বাক্সা জিলাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিটিচি প্ৰধান জনলৈ সন্দেহৰ আঙুলি টোৱাইছে ৷ শিক্ষক নিযুক্তিৰ বাবে 29 জুলাইত বিটিচি প্ৰশাসনে প্ৰকাশ কৰা বিজ্ঞাপনক লৈ অসন্তুষ্ট এইসকল শিক্ষক ৷

দলং মেৰামতিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়তত কাঠৰ দলং (Bridge) নিৰ্মাণত ব্যাপক দুৰ্নীতি (corruption)ৰ অভিযোগ ৷ দলং মেৰামতিৰ নামত আৱণ্টন হোৱা ধন গাঁও পঞ্চায়তৰ সভাপতি, ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

১৫ বছৰ আৰু তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক ধৰ্ষণ নহয়ঃ এলাহাবাদ উচ্চ ন্যায়ালয়

স্বামী-স্ত্ৰীৰ সম্পৰ্কক লৈ বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়লয়ে কয় যে, ১৫ বছৰ অথবা তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণৰ শ্ৰেণীত নপৰে । মুৰাদাবাদৰ খুচাবে আলী নামৰ এজন লোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত দিয়ে আদালতে ।

ৰাজ কুন্দ্ৰাৰ লেপটপত ৬৮ টা পৰ্ণ'গ্ৰাফী ভিডিঅ': অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাকো আৰক্ষীৰ চমন

অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাৰ বিৰুদ্ধে চমন জাৰি কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই । গোচৰটো সন্দৰ্ভত সোধাপোছাৰ বাবে প্ৰ'পাৰ্টি চেলে মাতিছে অভিনেত্ৰীগৰাকীক ।

আমাক সংস্থাপন দিয়ক, নহ’লে গুলিয়াই মাৰক : গৌৰীপুৰত কান্দোনৰ ৰোল

বৃহস্পতিবাৰে পুনৰ সংস্থাপনৰ দাবীৰে ৰাজপথত ওলাই আহি প্ৰতিবাদ (Protest) সাব্যস্ত গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ ৰাইজৰ ৷ জিলা প্ৰশাসনৰ সহযোগত BSFয়ে আগন্তুক 17 আগষ্টৰ ভিতৰত চৰকাৰী পতিত মাটিত আশ্ৰয় লৈ থকা 250 টা পৰিয়ালক ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াকে লৈ কান্দোনৰ ৰোল উঠিছে সংস্থাপনৰ পৰা বঞ্চিত এইসকল লোকৰ মাজত ৷

দিল্লী ধৰ্ষণ কাণ্ড : ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠিছে বিশেষ অভিযোগ

দিল্লীত ধৰ্ষণ-হত্যাৰ বলি হোৱা কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী(RAHUL GANDHI) । ন্যায় লাভৰ যুঁজত পৰিয়ালক সহযোগ কৰাৰ আশ্বাসো দিছিল কংগ্ৰেছ নেতাজনে । এইখিনিলৈকে ঠিকেই আছিল । কিন্তু ইয়াৰ পাছতে এটা বিশেষ কাৰণত ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লী এগৰাকী অধিবক্তাই দাখিল কৰিলে অভিযোগ ।

মহাৰাষ্ট্ৰত ৭৯০ খন বাল্য বিবাহ !

মহামাৰীৰ সময়চোৱাত মহাৰাষ্ট্ৰত প্ৰায় ৭৯০ খন বাল্য বিবাহ হোৱাৰ পূৰ্বে বন্ধ কৰা হৈছে । ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে চোলাপুৰ জিলা । ১৮ বছৰ তলৰ ছোৱালীৰ ৮৮ খন বিবাহ প্ৰতিৰোধ কৰা হৈছে ৰাজ্যখনৰ চোলাপুৰত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.