কলিয়াবৰ আৰু বাক্সাত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে 20 জুনৰ দিনটোত ৰাভা দিৱস উদযাপন কৰা হ'ল কলিয়াবৰ আৰু বাক্সাত ৷
অসমৰ COVID-19 ৰোগীৰ সেৱাৰ্থে ব্যৱহৃত হ'ব ৰবট
ৱাহাটীস্থিত এখন ৰেষ্টুৰেন্টৰ গৰাকী এছ. এন. ফৰিডে ৰবটক প্ৰদান কৰিছে এক নতুন ৰূপ ৷ COVID-19 আক্ৰান্ত ৰোগী আৰু চিকিৎসকৰ সৈতে ৰোগীসকলৰ ভাৰ্চুৱেল বাৰ্তালাপৰ বাবে ৰবটক নতুন ৰূপ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ফৰিডে ৷
দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
পথত আৱদ্ধ হৈ পৰা পানীত দুদিন ধৰি বুৰ গৈ আছে টীয়কৰ বঙালী গাঁৱৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইয়াৰ লগতে টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ বৈছে বাঢ়নী পানীৰ সোঁত ৷
লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াৰ
বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াই শুকুৰবাৰে পৰিদৰ্শন কৰে ভাৰত-চীনৰ মাজত হোৱা সীমান্তৰ সংঘৰ্ষস্থলীত থকা যুজাৰু বিমানৰ ঘাটি । সীমান্তৰ সংঘৰ্ষস্থলীত হাই এলাৰ্ট জাৰি কৰাৰ পাচতো শুকুৰবাৰে ব্যক্তিগতভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰে বায়ুসেনা প্ৰধান গৰাকীয়ে ।
প্লাজমা থেৰাপীৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ শৰীৰ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰে মন্ত্ৰী জৈনক প্লাজমা থেৰাপী দিয়াৰ পিছত সম্প্ৰতি তেওঁ সুস্থ হৈ উঠিছে । কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছত দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মন্ত্ৰীগৰাকীক ।
কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ
ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰে কলিয়াবৰত পুনৰ 2 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰে এগৰাকী মহিলা আৰু আনগৰাকী বহিঃ ৰাজ্যৰ পৰা অহা যুৱক। জানিব পৰা মতে, কুঁৱৰীটোল অঞ্চলৰ বেগম উপাধিৰ মহিলাগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিচত যোৱা 17 জুনত নিজ ঘৰলৈ উভতি আহিছিল । গুৱাহাটীত দি অহা স্বাৱ পৰীক্ষাৰ ফলাফল শুকুৰবাৰে লাভ কৰাৰ পিছতে মহিলা গৰাকীৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷
মুখ্য মাষ্টাৰ চাৰ্জেট হিচাপে মহিলাক নিয়োগ বায়ুসেনা বাহিনীৰ
বায়ুসেনা বাহিনীৰ নতুন জ্যেষ্ঠ উপদেষ্টা পদত নিয়োজিত জোওান এছ বাশ্বে ব্ৰাউন আৰু বায়ু সেনাৰ সচিব বাৰবৰা বেৰেটৰ সহায়কৰূপে কাম কৰিব । জোওান এছ বাশ্বক বায়ুসেনাৰ ১৯ সংখ্যক মুখ্য মাষ্টাৰ চাৰ্জেট হিচাপে ঘোষণা কৰা হয় ।
বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য
বঙাইগাঁও জিলাৰ বিভিন্ন থানাৰ পৰা জব্দ কৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য জ্বলাই ধবংস কৰে বঙাইগাঁও জিলা ড্ৰাগ ডিছপোজেল কমিটীয়ে ৷
চাহপাত চুৰি কাৰ্যক লৈ অতিষ্ঠ চাহ বাগিছাৰ শ্ৰমিক
চাহ নগৰী ডুমডুমাৰ সমীপতে থকা APEEJAY TEA LIMITED ৰ অধীনৰ হাপজান চাহ বাগিছাত নিতৌ চাহপাত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ঘটনা সম্পৰ্কে প্ৰশাসনৰ কাষ চাপিছে বাগিছাখনত কৰ্মৰত চাহ শ্ৰমিকসকল ৷ বাগিছাখনৰ এটা বৃহৎ এলেকাত প্ৰায় প্ৰতিনিশাই চোৰে চাহপাত চুৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বাগিছাখনত কৰ্মৰত একাংশ শ্ৰমিকে ৷
গুলীবিদ্ধ হৈ অকাল মৃত্যুক সাৱটিলে ৰেপাৰ ট্ৰে চেভেজে ৷ 26 বছৰ বয়সতে চিকাগ'ত গুলীয়াই হত্যা কৰা হ'ল ৰেপাৰ গৰাকীক ৷ গুলী লগাৰ পিছতে তেওঁক ইউনিভাৰ্চিটী অফ চিকাগ'ৰ মেডিকেল চেন্টাৰলৈ লৈ যোৱা হয় আৰু তাত মৃত ঘোষণা কৰা হয় ৰেপাৰ গৰাকীক ৷