ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN NEWS 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 22, 2020, 1:02 PM IST

জম্মু কাশ্মীৰত অব্যাহত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তত অব্যাহত আছে যুদ্ধ বিৰতি উলংঘন । সোমবাৰে প্ৰায় ৩.৩০ বজাত পুঞ্জ জিলাৰ কৃষ্ণাঘাটী আৰু মনকোট এলেকাত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানী সেনাই । ইয়াৰোপৰি, প্ৰায় ৫.৩০ বজাত নৌশেৰা এলেকাতো যুদ্ধ বিৰতি উলংঘন কৰে ।

তিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

তিনিচুকীয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নিৰ্মাণ হোৱা পথত দুৰ্নীতি ৷ প্ৰায় ৪ কোটি ২২ লাখ টকা ব্যয় সাপেক্ষে ২০১৭-১৮ বৰ্ষত অনুমোদন হোৱা পথটো বৰ্তমানেও হোৱা নাই নিৰ্মাণ ৷ যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৷ অতি শীঘ্ৰে পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ দাইচা শাখা সমিতিৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ ৷

2021 ত ভোট বৰ্জনৰ হুংকাৰ কাটিগড়াবাসীৰ

জন প্ৰতিনিধিৰ অৱহেলাৰ বাবে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কাছাৰৰ কাটিগড়া সমষ্টিৰ ফুলবাড়ী শ্ৰীপুৰ গাঁৱবাসীয়ে ৷ স্বাধীনতাৰ পিছৰ পৰা আজিকোপতি উন্নয়নৰ কোনো মুখ নেদেখা গাঁৱবাসীয়ে জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভুল চিকিৎসাৰ বাবে কামপুৰত পংগুত্বক সাৱটিবলগীয়া হৈছে বহু লোকে

ভুল চিকিৎসাৰ বাবে কামপুৰৰ শালমৰা অঞ্চল কেইবাগৰাকীও লোকে পংগুত্বক সাৱটিব লগীয়া হৈছে ৷ শালমৰা আদৰ্শ বজাৰস্থিত কবিৰ মেডিকেল হলৰ স্বত্বধিকাৰী নজৰুল ইছলাম নামৰ লোক জনৰ বিৰুদ্ধে উত্থাপন হৈছে ভুল চিকিৎসা কৰাৰ অভিযোগ ৷

ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ পৰা বাহিৰ নহয় পুটিন

আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে ব্লাডিমিৰ পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।

কৰ'ণা ৰোগীক লৈ নগাঁৱত আতংকঃ ১১ জনকৈ আৰক্ষীক আইচ'লেশ্যন

নগাঁৱত পুনৰ ভ্ৰমণ ইতিহাস নথকা এগৰাকী কিশোৰী কৰ'ণাত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে আতংকৰ। নগাঁৱৰ হুজ ৰঙাগড়াৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নিশ্চিত হোৱাৰ পিছতেই হাহাকাৰ লাগিছে ৰাইজৰ লগতে নগাঁও আৰক্ষীতো ।

সৌৰভ দাসৰ ঘৰত মৰাণৰ বিধায়ক

ডিব্ৰুগড়ৰ লেজাইত প্ৰেমিকাক লগ ধৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতি লোৱা সৌৰভ দাসৰ ঘৰত সোমবাৰে উপস্থিত হয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বিধায়কজনে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সৌৰভৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালৰ লোকক । গগৈয়ে উপস্থিত ৰাইজক আইন ভংগ নকৰিবলৈও অনুৰোধ জনায় ।

দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা

ৰাজ্যৰ 5 খন জিলা বানৰ কবলত ৷ 7 খন ৰাজহ চক্ৰ বানৰ কবলত পৰাৰ লগতে 68 খন গাঁও বাঢ়নী পানীৰ তলত ৷ ইয়াৰোপৰি সোমবাৰৰ পুৱাৰ তথ্য অনুসৰি এই পৰ্যন্ত 13,129 লোক বানত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত কৰিমগঞ্জ আৰক্ষীৰ

বৰাক উপত্যকাত বিগত কেইবাদিনৰ পৰা সক্ৰিয় হৈ থকা বাইক চোৰৰ এটা চক্ৰক দেওবাৰে আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে ৷ বৰাকৰ তিনিখন জিলাৰ পৰা বিগত কেইদিনৰ ভিতৰত চোৰৰ দলটোৱে সংঘটিত কৰিছে কেইবাখনো বাইক চুৰিৰ ঘটনা । আৰক্ষীৰ দলটোৱে বিগত তিনিদিন ধৰি অভিযান চলাই শিলচৰ,বদৰপুৰ,হাইলাকান্দিৰ পৰা চুৰি হোৱা আঠখন বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে তিনি চোৰক ৷

ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)

লাডাখত এগৰাকী কামাণ্ডিং বিষয়াকে ধৰি 20 গৰাকীকৈ জোৱানৰ দুখজনক মৃত্যুৱে ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত পৰিস্থিতি গম্ভীৰ কৰি তুলিছে ৷ 1962 চনৰ যুদ্ধৰ পিচত এয়া ভাৰত-চীনৰ মাজৰ বৃহৎ সমস্যা হিচাপে দেখা দিছে আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.