ETV Bharat / state

পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Feb 12, 2021, 9:05 AM IST

পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰামজী ফিল্ম চিটি ৷ হায়দৰাবাদৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী কেন্দ্ৰটো 18 ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰি দিয়া হ’ব পৰ্যটকৰ বাবে ৷ পূৰ্বৰ দৰেই চিনেমেজিক, লেজাৰ তথা অন্য বিনোদনসমূহ উপভোগৰ সুযোগ লাভ কৰিব পৰ্যটকে ৷

নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ এখন কৰ্মী সভা ৷ এই সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা । বৰাই সভাত ক্ষমতাত নাথাকিলে কংগ্ৰেছ উন্মাদ হৈ পৰে বুলি মন্তব্য কৰাৰ লগতে দেশৰ স্বাধীনতা অনা কংগ্ৰেছ নেতা সকলে অসমৰ বেদনা বুজি নাপালে বুলিও মন্তব্য কৰে ।

নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ড্ৰাগছ ৰম্যভূমিত পৰিণত নগাঁও ৷ হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকৰ ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেপৰা তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ ফলত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়সমূহ ৷

ৰঞ্জন গগৈ বিতৰ্কঃ বিপদত তৃণমূল সাংসদ মহুৱা মৈত্ৰ

আকৌ বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ ৰঞ্জন গগৈৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ ৷

কলগাছিয়াত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত এজন

কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত পথ দুর্ঘটনা। ট্ৰেক্টৰ চালকৰ দৌৰাত্মৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো ৷ এজন কিশোৰৰ দেহৰ ওপৰেদি পাৰ হৈ যায় বালি কঢ়িওৱা ট্ৰেক্টৰ। গুৰুতৰ ভাবে আহত কিশোৰজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি।

বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

যুৱক সকল যাতে বিপথে পৰিচালিত নহৈ নিজৰ প্ৰতিভা সমূহ বিকাশ কৰিব পাৰে এই উদ্দেশ্য আগত ৰাখিয়েই পোন প্ৰথমবাৰৰ বাবে ৰায়পাৰা সুৰুযমূখী সংঘই অনুষ্ঠিত কৰে এই আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতা ।

গহপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ

গহপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই । গহপুৰ বিধান সভা সমষ্টিৰ বেলগুৰি ৰাওনামুখলৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ আধাৰশিলা স্থাপন কৰে ।

নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা

বৃহস্পতিবাৰে নলবাৰী জিলা কংগ্ৰেছ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । সভাত কংগ্ৰেছে হেৰুওৱা স্থিতি পুনৰ উদ্ধাৰৰ বাবে সকলো দলীয় কৰ্মীসলক একগোট হৈ সাংগঠনিক কাম-কাজ কৰাৰ বাবে আহ্বান জনায় যুৱনেতা প্ৰদ‍্যুৎ কুমাৰ ভূঞাই ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই

11 ফেব্ৰুৱাৰীত চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ বঙাইগাঁও শোধানাগাৰ হেলিপেডত উপস্থিত হৈ সম্বৰ্ধনা জনায় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.