ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Mar 21, 2021, 9:06 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

নৱ কুমাৰ শৰণীয়ালৈ পূৰ্ণ সমৰ্থন গণ সুৰক্ষা পাৰ্টিৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে বাক্সা জিলাৰ বৰমাত গণ সুৰক্ষা পাৰ্টিয়ে এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদমেলত ৬২ নং বৰমা বিধান সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ তদুপৰি বিটিচিৰ বাকী ১১ টা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনোৱা হ'ব বুলিও ঘোষণা কৰে দলটোৰ নেতৃত্বই ।

চাহ শ্ৰমিকৰ মাজত প্ৰচাৰ অভিযান কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ

শনিবাৰে ১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ড৹ অংকিতা দত্তক চাহ শ্ৰমিকৰ সৈতে দেখা পোৱা গ'ল ৷ ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৰবাম চাহ বাগিছাত চাহ শ্ৰমিকৰ সৈতে ব্যস্ত হৈ পৰিল কংগ্ৰেছ প্ৰাৰ্থী গৰাকী ৷ আনকি চাহ শ্ৰমিকসকলৰ সৈতে ফটোও উঠে অংকিতা দত্তই ৷ তদুপৰি বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলক আগন্তুক নিৰ্বাচনত হাতৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনায় কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই ৷

দলীয় কৰ্মীৰ মুখতে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস গ’ বেক ধ্বনি

বকোৰ সোণতলীত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ ৷ বকো সমষ্টিত বিগত ৫বছৰীয়া কাৰ্যকালত বিধায়িকা গৰাকীয়ে কোনো উন্নয়ন মূলক কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিবাসী তথা একাংশ কংগ্ৰেছীয়ে ৷

সৰ্থেবাৰীৰ বৰকণা বিলত মৎস্য উৎপাদন সন্দৰ্ভত সজাগতা সভা

শনিবাৰে মৎস্য উৎপাদন কৰি দেশৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে সৰ্থেবাৰীৰ বৰকণা বিলত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা ৷ সজাগতা সভাত মীনপালক সকলক প্ৰশিক্ষণ দিয়াৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে বিলত "সজাত" মীন পালন সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

পাঁচটা গেৰাণ্টিৰ উপৰিও কংগ্ৰেছৰ ইস্তাহাৰত কি কি আছে ?

কি কি উল্লেখ আছে কংগ্ৰেছ নিৰ্বাচনী ইস্তাহাৰত ? শনিবাৰে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷

গা ধুবলৈ গৈ সন্ধানহীন যুৱকঃএজনৰ মৃতদেহ উদ্ধাৰ

বিহালী বুৰৈ নদীৰ সংযোগস্থলীত শনিবাৰে সন্ধানহীন হয় দুজনকৈ যুৱক ৷ জানিব পৰা মতে,সন্ধানহীন হোৱা আকাশ ঢাকাল আৰু মানস গজেল নামৰ দুয়োগৰাকী যুৱক প্ৰিন্স ঢাকাল নামৰ এগৰাকী সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈছিল ৷ কিন্তু গা ধুবলৈ গৈ প্ৰিন্স ঢাকাল উভতি আহে যদিও আন দুয়োজন যুৱক নদীৰ বুকুত সন্ধানহীন হয় ৷

গো-শালা:অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছৰ নতুন কৌশল

অসমৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ ৰাজ্যৰ প্ৰতিখন জিলাত গো-শালা স্থাপনৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে দলটোৱে ৷ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে গেৰুৱা দল বিজেপিৰ পাছতে এইবাৰ কংগ্ৰেছেও ল'লে 'গাইগৰুৰ পথ' ৷

প্ৰতিপক্ষক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে লখিমপুৰত চলিছে নিৰ্বাচনী প্ৰচাৰ

মিত্রজোঁটৰ পৰা বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লখিমপুৰ সমষ্টি দখল কৰা বিধায়ক উৎপল দত্তই এইবাৰ মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হৈ অগপৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে । মিত্ৰজোঁটৰ প্ৰতি ক্ষোভ উজাৰি দত্তই কয় যে, লখিমপুৰত মিত্ৰতা আৰু বন্ধুত্ব সুলভ সৰ্ম্পক একো নাই । নিজা শক্তিৰে যুঁজ দি মই সমষ্টি দখল কৰিম ।

ত্ৰিপুৰা বাজেট: ২২৭২৪.৫০ কোটিৰ কৰ মুক্ত বাজেট উপস্থাপন

শুকুৰবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই ২২৭২৪.৫০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে । বাজেটত পুঁজি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰ্যটন, তথ্য প্ৰযুক্তি, কৃষি, স্বাস্থ্য, শিক্ষা খণ্ডত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ।

12 খন জিলা এতিয়া বংগীয়মূলৰ মুছলমানৰ দখলত: চন্দ্ৰমোহন পাটোৱাৰী

চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমীয়া মুছলমান খিনিয়ে এতিয়াও কিয় কংগ্ৰেছৰ লগত আছে বুজি নাপাও । বংগমূলীয় মুছলমানৰ তুলনাত অসমীয়া মুছলমানসকল বঞ্চিত হৈ আছে । বিজেপিৰ দিনত অসমীয়া মুছলমানৰ বাবে এশ কোটি টকা দিয়া হৈছে । তাৰ পিছতো কংগ্ৰেছ কৰিলে কি কম বুলিও মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.