ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : Mar 19, 2021, 9:00 AM IST

ভৱানীপুৰত কমল কুমাৰ মেধীৰ মনোনয়ন দাখিল

বৃহস্পতিবাৰে শ শ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধীয়ে ৷ ভৱানীপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মেধী ৷

আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যলয়ত কেইবা গৰাকীয়ো প্ৰাৰ্থীৰ মনোনয়ন দাখিল

বৃহস্পতিবাৰে বকো, ছয়গাওঁ, পলাশবাৰী আৰু হাজো বিধান সভা সমষ্টিৰ বাবে আমিনগাওঁ উপায়ুক্ত কাৰ্যলয়ত কেইবা গৰাকীয়ো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷

এজেপিৰ মৰাণৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাইৰ সাক্ষাৎকাৰ

আন আন সমষ্টি সমূহৰ দৰে ডিব্ৰুগড়ৰ মৰাণ সমষ্টিতো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷ শাসকীয় আৰু বিৰোধী দলৰ উপৰিও আন আন দল সমূহেও চলাই গৈছে নিজ নিজ প্ৰচাৰ ৷ চাওঁ আহক মৰাণ সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাইৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকে গ্ৰহণ কৰা এক সাক্ষাৎকাৰ …

অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ

প্রথম পৰ্যায়ৰ নিৰ্বাচনী প্রচাৰৰ অংশ হিচাপে বৃহস্পতিবাৰে ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ৰঙাপৰা নগৰৰ ইউনিয়ন হলৰ খেল বাকৰিত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ মহাজোঁটৰ প্রাৰ্থী অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলায় ।

টিকট বঞ্চিত তাৰা প্ৰসাদ দাসৰ গুৰুতৰ অভিযোগ:কংগ্ৰেছ মানেই এতিয়া মুছলমান

কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত ডাঃ তাৰা প্ৰসাদ দাসৰ সংবাদমেল ৷ বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ডাঃ তাৰা প্ৰসাদ দাস ৷ ডাঃ তাৰা প্ৰসাদ দাসক টিকটৰ পৰা বঞ্চিত কৰি আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদক দলীয় টিকট প্ৰদান কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত নেতা গৰাকীৰ ৷

অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি আছে ৰাহুল-প্ৰিয়ংকা

শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে কংগ্ৰেছ নেতাগৰাকী অসমলৈ আহিব বুলি সবিশেষ সদৰী কৰে অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সচিব বিকাশ উপাধ্যায়ে ।

গীতেৰে ৰাইজৰ কাষ চাপিছে কংগ্ৰেছ

বিজেপিলৈ ব্যৰ্থতাৰ 10 টা প্ৰশ্ন এৰি দি অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে 21 ৰ নিৰ্বাচনী থীম ছং ৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ৫ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ পৰা কা বাতিলেৰে অসমৰ ভাষা, সংস্কৃতি সুৰক্ষা দিয়া আদি ৷ 5 টা গেৰাণ্টিৰে থীম ছং মুকলি কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে

বিজেপিক সহায় আগবঢ়াব সন্মিলিত গণ শক্তিয়ে

সমাগত অসম বিধানসভা নিৰ্বাচনত 115 নং মৰাণ বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াব সন্মিলিত গণ শক্তিয়ে ৷ বৃহস্পতিবাৰে জাঁজিমুখ, ৰঙাগড়া, মইনামিৰি আৰু পানীমিৰি গাঁৱৰ ৰাইজৰ উপস্থিতিত সন্মিলিত গণ শক্তি, অসম দলে এখন কৰ্মী সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিজেপি চৰকাৰে পূৰণ নকৰিলে চাহ-জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি: আদিবাসী ছাত্ৰ সন্থা

বিজেপি চৰকাৰে চাহ-জনগোষ্ঠীৰ লোক সকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত তিনিচুকীয়াকে ধৰি ৰাজ্যৰ চাহ বাগিচা সমূহত বিজেপি দলক সম্পূৰ্ণ বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷

ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে যোগ দিলে বিজেপিত

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ডাঃ দুৰ্লভ চমুৱাই ইতিমধ্যে কংগ্ৰেছ দলে ত্যাগ কৰাৰ পিছতেই বৃহস্পতিবাৰে এক ৰাজহুৱা সভাত সহস্ৰাধিক সমৰ্থকে পৰিধান কৰে গেৰুৱা বসন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.