1.খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা সমষ্টিত, কিয় ?
অসমত পৰৱৰ্তী ৬ মাহত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন(By election) । বৰ্তমান ৰাজ্যৰ তিনিটা সমষ্টি বিধায়ক শূন্য হৈ আছে । উপ নিৰ্বাচন কেৱল তিনিটা সমষ্টিতে অনুষ্ঠিত হ'ব নে তাতোকৈ অধিক সমষ্টিত অনুষ্ঠিত হ'ব সেয়াহে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ।
2.প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ
বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ এনআৰচি(NRC)ৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ (Prateek Hajela) বিৰুদ্ধে। দেশদ্রোহী শক্তিৰে মিতিৰালিৰে বিদেশীক ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এ পি ডব্লিউ (APW)ৰ সভাপতি অভিজিৎ শৰ্মাই ।
3.আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম
মহানগৰীৰ আজাৰাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। অভিযান কালত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ নগদ ২৬ লাখ টকা। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ২.৫৫ কোটি টকা । এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক ।
4.শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় উদ্বোধন
বুধবাৰে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিৱসাগৰত (ONGC) অএনজিচিৰ উদ্যোগত নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ৷
5.শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ
তিনিচুকীয়া জিলাৰ ধলা টাউনৰ কাষতে লাগি থকা বান্ধৰ মাজৰ কিছু অংশ একেবাৰে শোচনীয় হৈ পৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বান্ধটো নিৰ্মাণ কৰা আজি প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিকোপতি বান্ধটো মেৰামতি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জলসম্পদ বিভাগে ৷
6.চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অভিযুক্তৰ
চিৰাঙৰ কাজলগাঁৱতৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ তলা ভাঙি পলায়ন দুই ক’ভিডত আক্ৰান্ত অভিযুক্তৰ । অভিযুক্ত দুজনৰ সন্ধানত আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে ৷
7.বিশ্বনাথত পথ দুৰ্ঘটনা, নিহত এজন
বুধবাৰে বিশ্বনাথ জিলাৰ দগাঁৱৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত (NH 15) ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৰাজীৱ আহমেদ নামৰ এজন ব্যক্তি ।
8.ভেকচিন সন্দৰ্ভত উৰা বাতৰি বিয়পালে হ’ব শাস্তি: পীযুষ হাজৰিকা
ক’ভিড ভেকচিন(Covid vaccine) ক লৈ কোনো লোকে উৰাবাতৰি বিয়পালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । নগাঁৱৰ ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি এই হুংকাৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি ক’ভিডক লৈ নগাঁৱবাসীক অধিক সাৱধান হোৱাৰ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ ।
9.অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ
এতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল প্ৰদেশৰ ৰাইজে । মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এম্বুলেন্স সেৱা মুকলি কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী খাণ্ডুয়ে এম্বুলেন্স সেৱাৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাৰ বিষয়ে বৰ্ণনা কৰে ।
10.তামিলনাডুৰ এটা চিমেণ্ট কাৰখানাত বোমা উদ্ধাৰ
তামিলনাডু(Tamilnadu)ৰ শংকৰ নগৰত বোমা(BOMB) উদ্ধাৰ । শংকৰ নগৰস্থিত এটা ব্যক্তিগত চিমেণ্ট কাৰখানাত দুটা পাইপ বোমা স্থাপন কৰা হৈছিল । দুয়োটা বোমা উদ্ধাৰ কৰা হৈছে আৰু শীঘ্ৰে নিষ্ক্ৰিয় কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।