ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা খবৰ

author img

By

Published : Oct 4, 2020, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP AT 11
11 বজাৰ শীৰ্ষ 10 টা খবৰ
  • তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী
  • তামিলনাডুৰ পাল্লাদামত ধৰ্ষণৰ বলি হ'ল 22 বৰ্ষীয় অসমীয়া যুৱতী ৷ যুৱতীগৰাকী অসমৰ দৰং জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চাকৰিৰ সন্ধানত পাল্লাদামৰ কাল্লিমেডুত উপস্থিত হোৱা যুৱতীগৰাকীক ছয়জনীয়া এটা দলে ধৰ্ষণ কৰে ৷
  • 7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসনৰ
  • 7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসনৰ ৷ ৰঙিয়াতো হল খোলাৰ অনুমতি ৷ 50 শতাংশ দৰ্শকৰে হল খোলাৰ অনুমতি ৷
  • চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত মৰিগাঁৱত দুৰ্নীতি !
  • মৰিগাঁৱত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠন। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত চলিছে ঠিকাদাৰৰ এই লুন্ঠন। বছৰ বছৰ ধৰি আধৰুৱা হৈ পৰি ৰ’ল বহু হিতাধিকাৰীৰ আৱাস গৃহ নিৰ্মাণৰ কাম। নিৰৱ ভূমিকাত লাহৰীঘাটৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি জিলা প্ৰশাসন।
  • ব্যৱসায়ৰ দ্বাৰা স্ব-নিৰ্ভৰশীল প্ৰাক্তন উগ্ৰপন্থী নেতা
  • চৰকাৰী সাহাৰ্য্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই ব্যৱসায়ত নামি পৰিছে এছ.টি.এফ ৰ প্ৰাক্তন সেনাধ্যক্ষ উইলছন কিস্কু ওৰফে ছিধু কিস্কুই ৷ গোসাঁইগাঁও মহকুমাৰ ৰেষ্টেকপুৰৰ ৩১ নং ‘চি’ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ধাবা খুলি স্ব-নিৰ্ভৰ হোৱাৰ চেষ্টাত অৱতীৰ্ণ হৈছে সংগঠনটোৰ প্ৰাক্তন সেনাধ্যক্ষগৰাকী ৷
  • হাথৰছ কাণ্ডক লৈ মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
  • শনিবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছে বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি কৰিলে দাহ ৷
  • নিশা নগাঁৱৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা
  • তীব্ৰ বেগী বাহনে মহতিয়ালে এজন লোকক ৷ জানিব পৰা মতে, ঘটনাস্থলীতে নিহত কাষৰিগাঁৱৰ ৰিংকু বৰা নামৰ এজন লোক । উল্লেখযোগ্য যে, লোকজন কৰ্মস্থলী পৰা ঘৰলৈ ওভটাৰ সময়তে তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলাই যায় অচিনাক্ত বাহনখন । সম্প্ৰতি দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷
  • অবৈধ কাঠ-কয়লা ভৰ্তি ট্ৰাক পতিত হ’ল দুৰ্ঘটনাত
  • কামৰূপ জিলাত অব্যাহত অবৈধ চোৰাং ব্যৱসায় ৷ আৰক্ষীৰ মুখৰ আগৰে পাৰ হৈ যায় অবৈধ বনজ সম্পদ কঢ়িয়া বাহন ৷ আৰক্ষীৰ পহৰাৰ পৰা বাচিবলৈ গৈ দুঘটনাত পতিত বাহন ৷
  • টীয়কত 'ৰাইজৰ দল'ৰ আহ্বায়ক মণ্ডলীক উষ্ম আদৰণি
  • টীয়কত উপস্থিত 'ৰাইজৰ দল'ৰ আহ্বায়কৰ এটা দল ৷ নৱ গঠিত দলটোৰ আহ্বায়ক মণ্ডলিক দুই শতাধিক জনালে জনালে উষ্ম আদৰণি ৷ কৃষক নেতা অখিল গগৈক প্ৰাৰ্থীত্ব প্ৰদানৰ আহ্বান জনালে উপস্থিত স্থানীয় ৰাইজে ৷
  • নতুন ৰাজনৈতিক দলৰ ওপৰত ছাত্ৰ সমাজৰ আস্থা কিমান ?
  • ৰাষ্ট্ৰীয় শক্তিৰ লগত হাত নিমিলাবলৈ দৃঢ়প্ৰতিজ্ঞ নৱগঠিত দলকেইটা । ছাত্ৰসমাজক মূল শক্তি হিচাপে লৈ এটাৰ পাছত আনটোকৈ গঠন হোৱা এই আঞ্চলিক ৰাজনৈতিক শক্তিকেইটা অসমৰ জলন্ত সমস্যাবোৰৰ সমাধান কৰিব পাৰিব নে ? নে এসময়ত অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদৰ দৰে কালক্ৰমত ৰাষ্ট্ৰীয় শক্তিৰ পাকচক্ৰত পৰি হেৰুৱাই পেলাব নিজৰ অস্তিত্ব ।
  • মুখ্যমন্ত্ৰীৰ সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক
  • মাজুলিৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ একমাত্ৰ পথটোৱে প্ৰায় ২০-৩০ খন গাৱঁক মাজুলিৰ মূল পথৰ সৈতে সংযোগ কৰে ৷ কিন্তু আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা কৰা নহ’ল পথটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.