ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা খবৰ

1 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা খবৰ
author img

By

Published : Oct 11, 2020, 12:59 PM IST

SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন

ৰাজ্যত অসম আৰক্ষী উপ পৰিৰ্দশক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ লগত জড়িত এজনৰ পিছত আনজন খলনায়কক গ্ৰেপ্তাৰ কৰি গৈছে অসম আৰক্ষীয়ে ৷ শনিবাৰে ৰঙাপৰাতো আৰক্ষীয়ে আটক কৰিলে জিন্তু নাথ নামৰ আন এজন অভিযুক্ত ৷

ৰাজ্যত শনিবাৰে নিশা অনুভূত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ টামাংগলং

ৰাজ্যত শনিবাৰে নিশা অনুভূত হোৱা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত 5.3 ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ টামাংগলং জিলাৰ পৰা 28 কিলোমিটাৰ আঁতৰত ৷

খোৱাঙত অচিন ৰোগত আক্ৰান্ত পশুধন

খোৱাঙত অচিন ৰোগত আক্ৰান্ত হৈ বহু সংখ্যক পশুধনৰ মৃত্যু ৷ খোৱাঙৰ কেইবাখনো গাঁৱত বসন্ত ৰোগৰ লগতে ভৰি ফুলাৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্য হৈছে এই সমূহ পশুধনৰ ৷ ৰোগৰ লগতে বাঘৰ আতংকই চিন্তাত পেলাইছে কৃষকক ৷ বছৰৰ আৰম্ভণিতে টিকাকৰণৰ ব্যৱস্থা কৰাৰ পাছতো পশুধনসমূহ আক্ৰান্ত হৈছে অচিন ৰোগত ৷

বন্ধুৰ সৈতে মিলি সুৰাসক্ত পুত্ৰৰ মাতৃক প্ৰহাৰ

মাটি বিক্ৰী কৰিবলৈ নিদিয়াৰ বাবেই সুৰাপান কৰি পুত্ৰৰ মাতৃক প্ৰহাৰ ৷ মৰিগাঁৱত বন্ধুৰ সৈতে মিলি সুৰাসক্ত পুত্ৰই পিতৃৰ সন্মুখতে নিজ মাতৃক প্ৰহাৰ কৰি তেজেৰে তুমৰলি কৰি তোলে ৷ অত্যাচাৰী পুত্ৰৰ বিৰুদ্ধে মৰিগাঁও থানাত গোচৰ ৰুজু ৷

চাৰিদুৱাৰৰ তৰাজানত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

তৰাজানগাঁৱৰ এখন ধাননী পথাৰৰ মাজত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহটো। বন বিভাগৰ সূত্ৰ মতে, খাদ্যৰ সন্ধানত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো।

বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলত উন্নয়নৰ নামত কি চলিছে ?

চৰকাৰে চৰ চাপৰিত বাস কৰা লোকৰ বাবে যথেষ্ট সংখ্যক আঁচনি গ্ৰহণ কৰিছে যদিও আমাৰ কেমেৰাত দেখা পোৱা নগ’ল উন্নয়নৰ প্ৰকৃত ছবি। বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলৰ প্ৰকৃত উন্নয়নক লৈ আমাৰ এক প্ৰতিবেদন ৷

পাণ্ডুত চোৰৰ লুটপাতঃ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচি টিভি কেমেৰাত

আলমিৰাৰ তলা ভাঙি নগদ ৫ লাখ টকা আৰু দহ তোলা সোণ লৈ পলায়ন কৰে তিনি চোৰে। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল এপাৰ্টমেণ্টটোত সংস্থাপিত চিচি টিভি কেমেৰাত ৷

মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মালিগাঁওবাসীয়ে চৰকাৰক দীৰ্ঘদিন ধৰি দাবী জনাই আছিল অঞ্চলটোত যানজঁট ৰোধৰ বাবে এক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ। সেই দাবী অচিৰেই পূৰণ হোৱাৰ পথত।

পত্নীয়ে কৰ্মৰত অংগনবাড়ী কেন্দ্ৰত চুৰি কৰিবলৈ গৈ ধৰা পৰিল স্বামী

নিজৰ পত্নীগৰাকীয়ে কৰ্মৰত অংগনবাড়ী কেন্দ্ৰত চোৰ কৰিবলৈ যাঁওতে ৰাইজে হাতে লোটে ধৰিলে হৰেণ নেওগ নামৰ চুৰটোক ৷ ঘটনাটো ঘটিছে টীয়কত ৷

শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"

চাৰিটা গীত সন্নিবিষ্ট দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"য়ে শ্ৰোতাৰ মন জয় কৰিব বুলি আশাবাদী এলবামটিৰ আটাইকেইটি গীতৰ কথা আৰু সংগীত ব্যৱস্থাপক ২১ বছৰীয়া দৰ্শন শইকীয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.