ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি - NEWS AT 9AM

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT  9AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 7, 2020, 9:03 AM IST

আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন ৷ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল চেইন টানি পলায়ন কেইবাজনো যাত্ৰীৰ। হোজাই ষ্টেচন পাৰ হোৱাৰ পাচতেই 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে ।

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শংকৰদেৱ নগৰত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা

শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে শনিবাৰে ৷ কোভিড-19ত আক্ৰান্ত হৈছে ৰঙাপৰাৰ এজন যুৱক ৷

বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷

উন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ : বাতৰি প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহাৰ্য

ডিব্ৰুগড়ৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ডব্লিউ দালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য ৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাচতেই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিশিষ্ট ফটোগ্ৰাফাৰজনলৈ আৰ্থিক সাহাৰ্য আগবঢ়ালে সৰ্বানন্দ সোণোৱালে ৷

যোৰহাটৰ জয়া নগৰত মেধাৱী ছাত্ৰীৰ আত্মহত্যা

যোৰহাট জিলাৰ বঙালপুখুৰীৰ জয়া নগৰত মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম কঙ্কিতা বৰা ৷

দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বাবেই এজন স্থানীয় ব্যক্তিৰ হত্যা সন্দৰ্ভত দিল্লী আদালতত অভিযোগ পত্ৰ দাখিল কৰে । আনহাতে, আদালতে ঘটনা সন্দৰ্ভত আগন্তুক ২০ জুনত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

COVID-19 ত আক্ৰান্ত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচ কৰ্মচাৰী

দিল্লীৰ খান বজাৰৰ নায়ক ভৱনস্থিত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচজন ব্য়ক্তিৰ দেহত ধৰা পৰে COVID-19 ৰ উপস্থিতি । যাৰ বাবে কাৰ্যালয়টো বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে দিল্লী প্ৰশাসনে ।

এবছৰে দৰমহা নাই : ক্ষুব্ধ চৰকাৰী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন

ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা ৷ এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা ।

নগাঁৱত ১১৮ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

নগাঁৱত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় মুঠ ১১৮ গৰাকীলৈ । শনিবাৰৰ দিনটোত নগাঁৱত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.