ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 19, 2020, 9:08 AM IST

Updated : Jun 19, 2020, 11:21 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

প্ৰৱজিত শ্ৰমিকৰ বাবে ৫০,০০০ কোটিৰ 'মেগা ৰোজগাৰ যোজনা'

২০ জুনত প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰত শুভাৰম্ভ কৰিব ৫০,০০০ কোটি টকাৰ 'মেগা ৰোজগাৰ যোজনা' । লক ডাউনৰ বাবে নিজ নিজ গৃহ ৰাজ্যলৈ ঘূৰি গৈ কৰ্মহীন হৈ পৰা প্ৰৱজিত শ্ৰমিকক কৰ্মস্থাপন দিবলৈ দেশৰ ১১৬ খন জিলাত আৰম্ভ কৰা হ'ব এই আঁচনি ।

ধাৰৱীত পুনৰ 28 জনৰ দেহত কোভিড-19

মুম্বাইস্থিত এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধাৰৱীত পুনৰ 28 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে বস্তিটোত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয় 2 হাজাৰ 134 গৰাকী ৷

চীনা সামগ্ৰী- চীনা খাদ্য বৰ্জন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেয়ে কয় যে, চীনা সামগ্ৰী বৰ্জনৰ লগতে চীনা খাদ্যও ভাৰতে বৰ্জন কৰিব লাগে । ভাৰতৰ ৰেষ্টোৰা আৰু হোটেল সমূহেও চীনা খাদ্য় প্ৰস্তুত কৰিব নালাগে বুলি কয় নেতাগৰাকীয়ে ।

ডিব্ৰুগড়ত ভয়াবহ খহনীয়া, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ

ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা মোহনাঘাটত নিশা সংঘটিত হয় ভয়াৱহ খহনীয়া । পলকতে বৰলুইতৰ বুকুত জাহ যায় 6 টাকৈ আবাসগৃহ । চহৰৰ সুৰক্ষা বান্ধৰ কাষতে বৰলুইতে খহাই নিলে বৃহৎ ভূমিসহ আবাসগৃহ কেইটা ।

এজাক বৰষুণত ডুবিল গুৱাহাটী, মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন

এজাক ধাৰাসাৰ বৰষুণে উদঙালে গুৱাহাটী মহানগৰীৰ আভিজাত্য । মহানগৰীৰ জুৰোডকে ধৰি চান্দমাৰি, মালিগাৱঁৰ ৰাজপথত সৃষ্টি হ'ল কৃত্ৰিম বান ।

গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ

অসম আৰু অসমীয় ইতিহাসক বিকৃত কৰাৰ চেষ্টা কলকাতাৰ এজন ব্যক্তিৰ ৷ বৰ অসমৰ স্ৰষ্টা চাও ল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি উল্লেখ কৰা গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

খুমটাইত চীনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ

চীনে ভাৰতীয় সৈন্যৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিছে । ইয়াৰ সমান্তৰালভাৱে খুমটাইতো হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে চীনৰ বিৰুদ্ধে আকাশ বতাহ কপাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ।

বিধস্ত অৰ্থনীতিক পুনৰদ্ধাৰ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ বিকল্প চিন্তা

ভাৰতীয় ষ্টে'ট বেংকৰ অধ্যক্ষ ৰজনীশ কুমাৰে বৃহস্পতিবাৰে জনাই যে,লক ডাউনৰ বাবে বেংকৰ সুদৰ হাৰ হ্ৰাস পাইছে । এই সম্পৰ্কত ৰিজাৰ্ভ বেংক চৰকাৰে লক ডাউনৰ সময়ত বিধস্ত হোৱা অৰ্থনীতিক পুনৰদ্ধাৰৰ বাবে বিকল্প চিন্তা কৰা বুলি জানিব দিয়ে ।

বাঘজানত পূৰ্ণ গতিত চলি আছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা

নতুন দিল্লীস্থিত TERI সংস্থাক অইল ইণ্ডিয়া লিমিটেডে অঞ্চলটোৰ পাৰিপাশ্বিক অৱস্থাৰ অধ্যয়ণৰ দায়িত্ব অৰ্পণ কৰিছে ৷ অঞ্চলটোত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল ৷

মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ আটক দুই

চাহৰা বেগম নামৰ এগৰাকী মহিলাই ড্ৰাগছ বিক্ৰী কৰি থকা মুহূৰ্তত হাতে লোটে ধৰা পৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰাৰ লগত জড়িত এজন কিশোৰক আটক কৰিবলৈ সক্ষম হয় ।

Last Updated : Jun 19, 2020, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.