ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি - শীৰ্ষ 10 বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 13, 2020, 11:50 AM IST

Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী

Unlock 1 ৰ সময়ছোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাবে বৃদ্ধি পাই অহাৰ ফলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে কিছু নিৰ্দেশাৱলী প্ৰকাশ কৰিছে ৷ এই নিৰ্দেশাৱলী অনুসৰি ৰেষ্টুৰেন্ট, হোটেল, ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল আৰু কাৰ্যালয়সমূহত গ্ৰহণ কৰিব লাগিব কিছুমান বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷

ভাৰত, লাও PDR য়ে COVID ৰ পাচত বৈশ্বিক সহযোগিতাৰ বাবে সন্মতি

এক অফিচিয়েল বিবৃতিত কোৱা হয় যে, লাও PDR চৰকাৰে কৰ'ণা ভাইৰাছ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কতো মোডীয়ে প্ৰশংসা আগবঢ়ায় ৷

ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন

IMA ৰ পাছিং আউট পেৰেডত এই বৰ্ষত সৰ্বাধিক উত্তৰ প্ৰদেশৰ পৰা 66 গৰাকী কেডেটে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 39 গৰাকীকৈ কেডেট উত্তীৰ্ণ হৈ দ্বিতীয় স্থানত আছে হাৰিয়ানা ৷

দিল্লীৰ আপ বিধায়কে দান কৰিলে প্লাজমা

শুকুৰবাৰে কৰ'ণাত আক্ৰান্ত বায়ু সেনাৰ বিষয়াক প্লাজমা দান কৰে দিল্লীৰ কাৰোল বাগৰ আম আদমীৰ বিধায়ক বিভেশ ৰবিয়ে । কৰ'ণা মুক্ত হোৱাৰ পাচতে বিধায়ক গৰাকী আৰু তেখেতৰ ভাতৃয়ে দান কৰে প্লাজমা ।

অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰিলে বিজেপিয়ে । শুকুৰবাৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই দখল কৰে একমাত্ৰ আসনখন । আনহাতে, আগন্তুক ১৯ জুনত মণিপুৰ, মেঘালয় আৰু মিজোৰামত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন ।

হাৰিয়ানাত মাতৃৰ সন্মুখৰ পৰাই অপহৰণ যুৱতীক

শুকুৰবাৰে হাৰিয়ানাৰ ঝাজ্জৰ জিলাত মাতৃৰ চকুৰ সন্মুখৰ পৰা অপহৰণ কৰি নিয়ে যুৱতীক । অপহৰণকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমাৰাত ।

বাঘজান পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বাঘজানৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷ এই ভ্ৰমণৰ জৰিয়তে অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷ উক্ত অঞ্চলৰ ভূমি এইটো বৰ্ষত খেতিৰ বাবে উপযোগী হৈ থকা নাই বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

বাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল

বাঘজানৰ তৈলখাদৰ জুই নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে অসমত আহি উপস্থিত হৈছে 3গৰাকী বিদেশী বিশেষজ্ঞৰ দল । তিনিচুকীয়াৰ বাঘজানত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে বিশেষ বিমানেৰে অসমত উপস্থিত হৈছে বিশেষজ্ঞৰ দলটো ৷

কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা

কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা । শুকুৰবাৰে পুনৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখাৰ মহিলা কৰ্মচাৰীকে ধৰি দুজনৰ শৰীৰত ধৰা পৰে COVID-19 ৷

কৰ'ণাক লৈ অপপ্ৰচাৰ নচলাবলৈ সকীয়নি লামডিঙৰ বিধায়কৰ

কৰ'ণাক লৈ অপ প্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা । এই মন্তব্য প্ৰকাশ কৰিছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.