ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি - বিশ্বজুৰি শেহতীয়া তথ্য

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 8, 2020, 1:01 PM IST

COVID-১৯ ৰোগীৰ চিকিৎসাৰ বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধ আমদানীৰ নতুন নিয়ম কেন্দ্ৰ চৰকাৰৰ

COVID-১৯ ৰোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত । ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে অনুকম্পা ব্যৱহাৰৰ (compassionate use) বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধৰ আমদানীৰ নতুন নিৰ্দেশাৱলী জাৰী কেন্দ্ৰীয় চৰকাৰৰ ।

কোভিড-19ঃ বিশ্বজুৰি শেহতীয়া তথ্য

সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭০,৮১,৮১১ জন হোৱাৰ বিপৰীতে এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ৪,০০,০০০তকৈও অধিক বুলি জানিব পৰা গৈছে । ইফালে নিউজিলেণ্ডত শেষৰজন ব্যক্তি ফেব্ৰুৱাৰীৰ শেষৰ ফালে ধৰা পৰাৰ পিছত নিউজিলেণ্ডে সোমবাৰে দেশখনত সম্পূৰ্ণৰূপে কৰ'ণা ভাইৰাছ নিৰ্মূল হোৱা বুলি ঘোষণা কৰে ।

আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

প্ৰবল ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও যিকোনো কামত হেঙাৰ হ'ব নোৱাৰে ৷ তাকেই যেন প্ৰমাণ কৰি দেখুৱালে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ মেধাৱী ছাত্ৰী নিলাক্ষী বৰাই ।

এসময়ত পাচলি বিক্ৰী কৰা ল'ৰাটোৰ ফলাফলত গৌৰাৱাম্বিত অঞ্চলবাসী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ-বিজ্ঞান, সাধাৰণ- বিজ্ঞান আৰু হিন্দী বিষয়ত লেটাৰ মাৰ্ক সহ ৮১ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হৈছে উত্তম দাস নামৰ ছাত্ৰজন ৷ উত্তমৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ ৷

দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী

মৰিগাঁও নটুৱা গাঁৱৰ নেউলাবড়ীৰ চহা নিবাসী মৃদুল নাথ আৰু অংগণবাড়ী সহায়িকা জ্যোতিকা দেৱীৰ কন্যা বৰ্ণালী দেৱীয়ে লাভ কৰিছে সৰ্বমুঠ 597 নম্বৰ।

নৈত সাঁতুৰিবলৈ গৈ সলিল সমাধি ছাত্ৰৰ ৷

নৈত সাঁতুৰিবলৈ গৈ ফিল'বাৰীত ১২ বছৰীয়া ছাত্ৰৰ সলিল সমাধি । মৈলাজান নৈত সংঘটিত হৈছে এই ঘটনা ৷

উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডৰ জালত অস্ত্ৰ সৰবৰাহকাৰী

দেওবাৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰে এজন খালিস্তানী সন্ত্ৰীসবাদীক । দীৰ্ঘদিন ধৰি খালিস্তানী সন্ত্ৰীসবাদীক অস্ত্ৰ যোগান ধৰি অহাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে যাদৱ মেৰঠ নামৰ ব্যক্তিজনক ।

সোমবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলী

উপাসনা স্থলী সমূহত সামাজিক দূৰত্ব মানি চলা , চেনিটাইজ কৰা , থাৰ্মনেল আদিৰে স্কেন কৰাৰ বাবে কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷ পৰিচালনা সমিতি সমূহৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ৷

অসমত পুনৰ 155 জন ক'ভিড-19 আক্ৰান্ত চিনাক্ত

অসমত নতুনকৈ 155 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা ৷

উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.