উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী; পোহৰলৈ আহিছে বঙাইগাঁওৰ ব্যৱসায়ীৰ নাম
ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত বঙাইগাঁও জিলাৰ ব্যৱসায়ীৰ নাম সাঙোৰ খাইছে । মন্ত্ৰী ফণীভূষণ চৌধুৰী জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে ।
আইনৰ দ্বাৰা স্বীকৃত বিটিচি কোনেও ভংগ কৰিব নোৱাৰে : বিপিএফ
বাক্সাৰ বৰমাত উপস্থিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ সংসদত গৃহিত নোহোৱা বিটিআৰ মানি নলয় বিপিএফে ৷ বিটিআৰক অসাংবিধানিক আখ্যা বিপিএফ দলৰ ৷
মালিগাঁৱত সুৰাপায়ী ৰে'ল আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমনকাৰী ৰে'ল আৰক্ষী জোৱান আকবৰক। আনহাতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে।
আঁচনি হ'ল,কামতহে নহ'ল ; খাবলৈ নাই বিশুদ্ধ খোৱাপানী
চৰকাৰেও আশা দিছিল ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ । ঠিকাদাৰ আহিল, ঘৰ বনালে, গাত খান্দিলে, ৰং দি ধুনীয়া কৰিলে প্ৰকল্প ৷ পানীও দিলে এদিনৰ বাবে ৷ কিন্তু তাৰ পিছৰে পৰা আজি সাত বছৰলৈ দেখা দেখি নাই কোনো বিভাগীয় লোকৰ ।
গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী
পুৰণি পেঞ্চন নীতি বাহাল, অস্থায়ী কৰ্মচাৰীক স্থায়ী নিযুক্তি প্ৰদান, ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ প্ৰত্যাহাৰ কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই।
বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল
বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশাও বিটিএডিৰ বিভিন্ন প্ৰান্তত দেখা গ’ল জোৰ সমদলৰ কাৰ্যসূচী ৷
মাজুলীত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ প্ৰতিবাদ
মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা এনএছইউআইৰ উদ্যোগত বুধবাৰে গড়মূৰ তিনিআলিত কৃষক বিৰোধী আইনখন বাতিলৰ দাবীত প্ৰতিকৃতি দাহ কৰাৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান
এসপ্তাহে উদ্ধাৰ নহ’ল সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা বাহিনীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়া ৰাইফল ৷ শোণিতপুৰৰ মিছামাৰীৰ অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান আৰক্ষী- চিআৰপিএফৰ ৷
খাৰুপেটীয়াৰ মৰাপাট খেতিয়কৰ মুখত বিৰিঙিছে হাঁহি
লকডাউনে জুৰুলা কৰা এচাম কৃষকৰ মুখত সামান্যকৈ হ’লেও বিৰিঙিছে হাঁহি। উৎপাদন কম হোৱাত সাপ্তাহিক বালুগাঁও বুধবাৰীয়া বজাৰত পূৰ্বতকৈ কম উপলব্ধ হৈছে মৰাপাটৰ । ফলত বৃদ্ধি পাইছে মৰাপাটৰ মূল্য ।
বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰতিবাদ
বিজেপিৰ জনবিৰোধী নীতি,দুৰ্নীতি,অনিয়মৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদী সমদল উলিয়াই দলটোৰ চন্দ্ৰপুৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাই ৷